ধেমাজি, 16 জুন : মঙলবাৰে সন্ধিয়া ঢকুৱাখানাত অৰুণাচলী সুৰা আৰু ড্ৰাগছ সৰবৰাহৰ সন্দেহ কৰি এখন বলেৰ' গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চালনা কৰে দুইজাঁইকৈ গুলী । উল্লেখ্য যে, বাহনখনৰ ওপৰত সন্দেহ ওপজাত ঢকুৱাখনা আৰক্ষীয়ে প্ৰায় ৩০ কিল’মিটাৰ অনুসৰণ কৰি অৱশেষত ধেমাজি জিলাৰ বৰদলনি মৰমী তিনিআলিত চালকক আটক কৰিবলৈ সক্ষম হয় ৷
AS 07 H 7518 নং বলেৰ' গাড়ীখনৰ চালকক অবৈধ সুৰা আৰু সন্দেহজনক ড্ৰাগছসহ কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ইফালে, গাড়ীখনলৈ লক্ষ্য কৰি চলোৱা গুলী গাড়ীখনৰ গ্লাছত লগাৰ বিপৰীতে চকাত লগাত গাড়ীখন ৰাখিবলৈ বাধ্য হয় চালক । আৰক্ষীক দেখি বলেৰ’খনৰ চালকজনে পলায়নৰ চেষ্টা কৰিছিল যদিও ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আটক কৰা লোকজন ঘিলামৰা অঞ্চলৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।
পৰৱৰ্তী সময়ত আটক কৰা লোকজনক সোধ-পোছৰ বাবে ঢকুৱাখনা আৰক্ষীয়ে ধেমাজিলৈ লৈ যায় ৷ ক’ভিড পৰিস্থিতিৰ সময়তে মঙলবাৰে সন্ধিয়া মৰমী তিনিআলিত হোৱা গুলীচালনাৰ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ