ETV Bharat / state

Car stunt viral video of Dhemaji: কাৰ ষ্টাণ্ট কৰি ভাইৰেল হোৱা 9 কিশোৰক গ্ৰেপ্তাৰ ধেমাজি আৰক্ষীৰ - গেং অৱ ডেভিল

কাৰ ষ্টাণ্ট কৰিবলৈ গৈ শলঠেকত পৰিল কিশোৰৰ দল ৷ হিৰো হ’বলৈ গৈ ৰঙাঘৰলৈ 9 কিশোৰ (viral video of Dhemaji)৷ কাৰ ষ্টাণ্ট কৰি ভাইৰেল হোৱা 9 কিশোৰক গ্ৰেপ্তাৰ কৰিলে ধেমাজি আৰক্ষীয়ে (Car stunt viral video of Dhemaji) ৷

Police arrested 9 minors related to Car stunt viral video of Dhemaji
9 কিশোৰক গ্ৰেপ্তাৰ ধেমাজি আৰক্ষীৰ
author img

By

Published : Mar 30, 2023, 10:01 PM IST

কাৰ ষ্টাণ্ট কৰি ভাইৰেল হোৱা 9 কিশোৰক গ্ৰেপ্তাৰ ধেমাজি আৰক্ষীৰ

ধেমাজি, 30 মাৰ্চ: ৰাজ্যত সততে যুৱপ্ৰজন্মৰ উদ্ভণ্ডালি কাণ্ড কাৰখানাই হাৰাশাস্তি কৰিছে একাংশ লোকক ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ধুবুৰীত গেং অৱ ডেভিল নামৰ এটা যুৱকৰ দলে বাইক ষ্টাণ্ট কৰিবলৈ এজন লোকক খুন্দিয়াই হত্যা কৰাৰ ঘটনাৰ পিচতে এইবাৰ ধেমাজি জিলাত এটা কিশোৰৰ দলে কাৰ ষ্টাণ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে (viral video of Dhemaji) ৷

যোৱা ২৮ মাৰ্চত চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুলাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চলন্ত ৱেগনাৰ বাহনৰ বনেট আৰু খিৰিকীত কেইবাটাও কিশোৰ ওলমি গৈ উদ্ভণ্ডালি কৰা ঘটনাই ৰাজপথত ত্ৰাসৰ সৃষ্টি কৰিছিল (Car stunt viral video of Dhemaji) ৷

ৰাজপথেৰে যোৱা অন্য পথচাৰীয়ে উক্ত ভয়ংকৰ দৃশ্য মোবাইলত বন্দী কৰি সামাজিক ভাইৰেল কৰি দিছিল ৷ লগে লগে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল এই ভিডিঅ’ই ৷ ভিন্নজনে গৰিহণা দিয়াৰ লগতে এই কাণ্ডক সমালোচনা কৰিছিল ৷ লগতে ধেমাজি আৰক্ষীকো চোকা সমালোচনা কৰিছিল ৷

ইয়াৰ পিচতে ধেমাজি আৰক্ষী আৰু চিচিবৰগাঁও আৰক্ষীৰ যুটীয়া অভিযানত বুধবাৰে সন্ধিয়া চিচিবৰগাঁৱৰ চৌকামটিংত AS22F5685 নম্বৰযুক্ত বাহনসহ গ্ৰেপ্তাৰ কৰা হয় ৯ জন কিশোৰক (Police arrested 9 minors) ৷ বিপদজনকভাৱে কৰা ষ্টাণ্ট কৰা কিশোৰকেইটা আৰু গাড়ীখন চিনাক্তকৰণ কৰি উদ্ভণ্ডালি কৰা কিশোৰকেইটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজি আৰক্ষীয়ে (9 minors related to Car stunt viral video) ৷

বৃহস্পতিবাৰে ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে এই ঘটনাত জড়িত থকা আটাইকেইটা 18 বছৰৰ অনুৰ্ধ্বৰ ৷ সেয়েহে আমি তেওঁলোকৰ অভিভাৱকসকলক মাতি আনি প্ৰয়োজনীয় আইনগত শাস্তি ব্যৱস্থা হাতত লৈছো ৷ যিগৰাকী অভিভাৱকৰ বাহনখন কিশোকেইটাই ব্যৱহাৰ কৰিছিল সেই বাহনখনৰ গৰাকীক আমি সোধা পোছা কৰি ধেমাজি পৰিবহন বিভাগৰ ফালৰ পৰা আইনগত ব্যৱস্থা গ্ৰহণ কৰিম ৷ এইক্ষেত্ৰত কিশোৰকেইটাৰ সমান্তৰালভাৱে অভিভাৱকসকলো জগৰীয়া ৷

নিজৰ সন্তানে কি কৰিছে অভিভাৱকে চকু দিয়া উচিত ৷ এনেদৰে কম বয়সীয়া কিশোৰক অবাধে ঘূৰি ফুৰিবলৈ দামী বাহন এৰি দিয়া কোনো কাৰণতে যুক্তি সংগত নহয় ৷ এনে হ’লে অপৰাধজনিত ঘটনা ক্ৰমশঃ বৃদ্ধি পাই থাকিব ৷ সেয়েহে অনাগত দিনত এনে ঘটনা প্ৰতিৰোধৰ বাৰে অভিভাৱক আৰু সচেতন ব্যক্তিসকলক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.