ETV Bharat / state

Book released Program: জোনাইত প্ৰেছ ক্লাৱৰ উদ্যোগত কাব্যপুথি উন্মোচন

author img

By

Published : Mar 26, 2023, 6:50 PM IST

জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' কাব্যগ্ৰন্থ উন্মোচন । বিশিষ্ট শিল্পী, সাহিত্যিক তথা অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগুৱে উন্মোচন কৰে কাব্যগ্ৰন্থখনি(Poetry book released in Jonai) ।

Poetry book released in Jonai
জোনাইত প্ৰেছ ক্লাৱৰ উদ্যোগত কাব্যপুথি উন্মোচন

জোনাই,২৫ মাৰ্চ: জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে জোনাই ঙাচাৰচুক উকুমত বিশিষ্ট শিল্পী-কবি ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' নামৰ এখনি কাব্যপুথি উন্মোচন কৰা হয় । জোনাই প্ৰেছ ক্লাৱৰ(Jonai Press Club) সভাপতি ৰয়েল পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট শিল্পী, সাহিত্যিক তথা অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰেশ্বৰ পেগুৱে বিশিষ্ট শিল্পী-কবি ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' কব্যপুথিখনি উন্মোচন কৰে (Poetry book released in Jonai) ।

কাব্যপুথিখনি উন্মোচন কৰি দিয়া ভাষণত উন্মোচক ইন্দ্ৰেশ্বৰ পেগুৱে বিশিষ্ট শিল্পী-কবি ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' কাব্যপুথিখনে অসমীয়া সাহিত্য জগতলৈ অমূল্য অৱদান বুলি মন্তব্য কৰে(Book released Program) । সাংবাদিক বিজয় বৰিয়ে আঁত ধৰা সভাত উপস্থিত থাকে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, কাব্য পুথিখনৰ প্ৰকাশক সত্যপ্ৰভা দলে পেগু, বিশিষ্ট নাগৰিক সনাতন দলে, বগাৰাম দেউৰী, ডাঃ জীৱন চন্দ্ৰ দলে, সুৰজ দলে, বিশিষ্ট কবি তোষেশ্বৰ আগৰৱালা, যশস্বী শিল্পী তৰাৱতী মিলি বৰি, চণ্ডীৰাম পেগু, কৰ্জুন পাইত, জ্যোতি দত্ত আদিয়ে বিশিষ্ট ব্যক্তি(Poetry book of Dhanilal Pegu released) ।

উপস্থিত বিশিষ্ট ব্যক্তিসকলে ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' কাব্যপুথিখন বহু উচ্চমানৰ কবিতা সন্নিৱিষ্ট কৰা বুলি উল্লেখ কৰি উৎসাহমূলক বক্তব্য প্ৰদান কৰে । সভাখনিত জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক তথা শিক্ষক প্ৰদীপ গগৈ, দেৱানন্দ কুটুম দিলীপ দলে, বিপুল পেগু, মুকেশ দলে, ৰিংকমণি বৰশইকীয়া, অঞ্জনা দলে, হেমা মিলি আদি বহু কাব্যপ্ৰেমী ৰাইজে উপস্থিত থাকে । উল্লেখযোগ্য যে জোনাই অঞ্চলৰ বিশিষ্ট ব্যক্তি প্ৰয়াত গণেশ পেগুৰ নামত উচৰ্গা কৰা তথা 53 টা অসমীয়া আৰু 28 টা মিচিং কবিতা সন্নিৱিষ্ট কৰা বিশিষ্ট শিল্পী-কবি ধনীলাল পেগুৰ 'প্ৰভাতি সূৰুযৰ জিলিঙনি' কাব্যপুথিখনৰ প্ৰকাশক সত্যপ্ৰভা দলে পেগু আৰু মূল্য এশ টকা ।

লগতে পঢ়ক: Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.