ধেমাজি, ২০ আগষ্ট : সমগ্ৰ অসমতে গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰে (African swine fever) সন্ত্ৰাসৰ সৃষ্টি কৰি আছে । বহু স্থানত গাহৰিৰ মৃত্যু হোৱাৰ লগতে বহু গাহৰি সংক্ৰমিত হৈছে এই ৰোগত । যাৰ বাবে শংকিত হৈ আছে ৰাজ্যৰ গাহৰি পালকসকল । কিন্তু এনে পৰিস্থিতিৰ মাজত যাতে বহিঃ ৰাজ্যৰ পৰা সংক্ৰমিত গাহৰি অসমলৈ আহিব নোৱাৰে তাৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
কেইবাখনো জিলাক এই ক্ষেত্ৰত ৰেড জ'ন (Red Zone) হিচাপেও ঘোষণা কৰা হৈছে । শেহতীয়াকৈ ধেমাজি জিলাৰ উপায়ুক্তই এক নিৰ্দেশনা জাৰী কৰা মতে জিলাখনলৈ বহিঃৰাজ্য বা আন ঠাইৰ গাহৰিৰ আমদানি নিষিদ্ধ কৰা হৈছিল । কিন্তু এই নিৰ্দেশনাৰ পাছতো প্ৰতিদিনে জিলাখনলৈ সৰবৰাহ হৈছে বহিঃৰাজ্যৰ লগতে আন ঠাইৰ গাহৰি । আনকি গাহৰি পালক সন্থাইও বহু সময়ত বহিঃৰাজ্যৰ গাহৰি ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।
এইবাৰ পুনৰ গাহৰি পালক সন্থাই জব্দ কৰে এখন গাহৰি ভৰ্তি বাহন । বৃহস্পতিবাৰে নিশা শোণিতপুৰ জিলাৰ পৰা গাহৰি কঢ়িয়াই অনা As-১২-Ac-২৪২৯ নম্বৰৰ বলেৰ' পিক আপ ভান এখন জব্দ কৰে ধেমাজি গাহৰি পালক সন্থাৰ কিছু সংখ্যক সদস্যই ৷
লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাহৰিসহ বাহনখন জব্দ কৰি ধেমাজি সদৰ থানালৈ লৈ আনে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ পাছতো আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ৰেড জ'নত থকা শোণিতপুৰ জিলাৰ পৰা কিদৰে কেইবাখনো জিলা অতিক্ৰম কৰি গাহৰিখিনি ধেমাজি পালেহি সেয়াহে ৰহস্যজনক বিষয় হৈ পৰিছে ৷ এইক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি গাহৰি পালক সন্থাই গাহৰি সৰবৰাহ কৰা কাৰ্যত জড়িত ব্যক্তিক উচিত তদন্ত কৰি শাস্তিৰ দাবী জনাইছে ৷
লগতে পঢ়ক :পাগলাদিয়া নৈৰ তীব্ৰ গৰাখহনীয়াত উচন হ’ল বহু পৰিয়াল