ETV Bharat / state

জোনাইত অস্বাভাৱিক মৃত্যু বহুকেইটা পোহনীয়া গাহৰিৰ - পশু চিকিৎসা বিভাগৰ অৱহেলা

জোনাইত অস্বাভাৱিক ভাৱে মৃত্যুমুখত পৰিছে বহু কেইটা গাহৰি ৷ উপায়ন্তৰ গঞা ৰাইজ ৷ সজাগতা আৰু সুৰক্ষামূলক ব্যৱস্থাৰ অভাৱ পশু চিকিৎসা বিভাগৰ ৷

সাৱধান ! অস্বাভাৱিক ভাৱে মৃত্যুবৰণ বহু গাহৰিৰ

author img

By

Published : Feb 16, 2020, 2:21 PM IST

জোনাই, 15 ফেব্ৰুৱাৰীঃ জোনাইত অস্বাভাৱিক ভাবে মৃত্যুৰ সন্মুখীন হৈছে বহু কেইটা গাহৰি ৷ গাহৰিৰ মৃত্যু হোৱা ঘটনাই এতিয়া অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ বিগত দুই এদিনতেই জোনাই মহকুমাৰ জেলম, নতুন জেলম, তেলাম, ৰামধন দিখাৰী, ডেকাপাম আদি বিভিন্ন অঞ্চলত অস্বাভাৱিক ভাৱে মৃত্যুবৰণ বহু কেইটা গাহৰিৰ ৷ ডেকাপাম অঞ্চলৰ মাগুৰমাৰী, হচং, তেলামৰ বৰআটি, বৰদণ্ডী, বালিপাৰা, ৰামধন দিখাৰীৰ জামুগুৰী আদি গাঁৱসমূহতো প্ৰতিদিনে গাহৰিৰ মৃত্যু ঘটিছে ।

জানিব পৰা মতে, সৰু-বৰ বিভিন্ন আকাৰৰ গাহৰি বোৰে প্ৰথমে খাদ্য খাবলৈ এৰি দিয়ে ৷ পাচত লাহে লাহে মুখৰ পৰা ফেন ওলোৱাৰ লক্ষণে দেখা দিয়াৰ পাচতেই তাৎক্ষণিক ভাৱে মৃত্যু ঘটে ৷

শনিবাৰেও মাগুৰমাৰী গাঁৱৰ বিষ্টিৰাম বসুমতাৰীৰ ঘৰত এটা ডাঙৰ মাইকী গাহৰি আৰু দুটা মতা গাহৰিৰ মৃত্যু হয়। ইপিনে একেখন গাঁৱৰে ৰাহুল বসুমতাৰীৰ তিনিটা, মণিৰাম বসুমতাৰী, মুজাৰাম বসুমতাৰী, সীনাথি বসুমতাৰীৰ এটাকৈ গাহৰিৰ মৃত্যু হোৱা লগতে গাঁৱৰ আন আন পৰিয়ালতো মহামাৰী ৰোগৰ কবলত বহু কেইটা গাহৰী সংক্ৰমিত হৈছে ৷

আনহাতে তেলাম অঞ্চলৰ বৰআটি গাঁৱৰ মনোজ দলেৰ দুটা, বৰদণ্ডী বড়ো গাঁৱৰ খগেশ্বৰ আলচিয়াৰীৰ দুটা, গজেন বড়োৰ এটা, বালিপাৰা গাঁৱৰ ভেবাং বড়োৰ এটা গাহৰি মৃত্যু হৈছে । ইয়াৰোপৰি চিমেন চাপৰিৰ অন্যান্য অঞ্চলতো ইয়াৰ প্ৰাদুভাৱ দেখা পোৱা গৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

ইফালে জোনাইৰ বিভিন্ন প্ৰান্ততো গাহৰিৰ মাজত দেখা দিয়া মহামাৰী ৰোগৰ ফলত একাংশ গাহৰি বেপাৰীয়ে গাহৰি কটা বন্ধ কৰিছে যদিও একাংশ বেপাৰীয়ে কোনো পৰীক্ষা-নিৰীক্ষা নকৰাকৈ গাহৰি বেচি থকা দেখা গৈছে জোনাই সদৰৰ কেইবাখনো ঠাইত ৷

জোনাইত অস্বাভাৱিক ভাৱে বহু কেইটা গাহৰি মৃত্যু

অভিযোগ মতে, গাহৰিৰ মাজত দেখা দিয়া ভয়ংকৰ মহামাৰী মাজতে একাংশ পশু চিকিৎসাকে পৰীক্ষা নকৰাকৈ মুকলিকৈ গাহৰি বিক্ৰী কৰিবলৈ দিয়া ঘটনাত চিন্তিত হৈ পৰিছে জোনাইৰ সচেতন মহল ৷

লগতে চাওক- ফিল্মফেয়াৰ এৱাড-2020ঃ ৰনবীৰ সিঙলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.