জোনাই,২৬ জানুৱাৰী : দেশজুৰি গণৰাজ্য দিৱসৰ সমান্তৰালকৈ আজি সৰস্বতী পূজাও উদযাপন কৰা হয় (Saraswati Puja 2023)। প্ৰতিখন শিক্ষানুষ্ঠান বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হৈ পৰে । অসমৰো প্ৰতিটো প্ৰান্ততে সৰস্বতী পূজা উলহ মালহেৰে পালন কৰা হয় । সৰস্বতী পূজাৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ এখন বিদ্যালয়ত স্থায়ী সৰস্বতী মন্দিৰৰ দ্বাৰ উন্মোচন কৰা হয় (Permanent Saraswati temple gates unveiled)।
ধেমাজিৰ মূৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic Day celebration in Jonai)। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপুল চাংমাইৰ নেতৃত্বত বিদ্যালয়ত স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তাৰ পাছতে গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেৱেশ্বৰ ৰাভাই ।
আনহাতে গছপুলি ৰোপণ কৰে চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ে । ইয়াৰ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত ৰায়ৰ পৰিয়ালৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ কৰা স্থায়ী সৰস্বতী মন্দিৰৰ দ্বাৰ উন্মোচন কৰে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা লীলাকান্ত টায়েই । সৰস্বতীৰ প্ৰতিমা স্থাপন কৰে সমাজকৰ্মী কেশৱ শইকীয়া, বিনয় কুমাৰ ৰায় আৰু মনোৰঞ্জন ৰাভাই । ইয়াৰ লগে লগে অৱসৰপ্ৰাপ্ত শিক্ষক তথা পুৰোহিত জয়নাৰায়ণ উপাধ্যায়ৰ দ্বাৰা সৰস্বতী পূজা আৰম্ভ কৰা হয় (Saraswati puja observed in Jonai school)।
দুপৰীয়া ছাত্র-ছাত্ৰীসকলৰ গুৰুসেৱা শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । সৰস্বতী পূজাৰ লগত সংগতি ৰাখি নাৰায়ণপুৰ গাঁৱৰ আইমাতৃসকলৰ দ্বাৰা নাম কীৰ্তন পৰিৱেশন কৰা হয় । ইয়াৰোপৰি দেৱেশ্বৰ ৰাভাৰ সভাপতিত্বত এখন মুকলি সভাৰ আয়োজন কৰা হয় । য'ত চমকং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ১২ গৰাকী প্ৰয়াত ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অৰ্ধ শতাধিক ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মৃণাল কুলি, সম্পাদক নৃপেন বুঢ়াগোহাঁই, চমকং শিক্ষক কল্যাণ সমিতিৰ সভাপতি হৰজিৎ ৰায়চৌধুৰী, সম্পাদক প্ৰশান্ত বৰি, চমকং প্ৰাথমিক শিক্ষক কেন্দ্ৰ সন্মিলনীৰ সভাপতি তৰুণ পাঠককে ধৰি কেইবাগৰাকী শিক্ষক উপস্থিত থাকে । বিদ্যালয়খনত আয়োজিত গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:Saraswati Puja 2023: বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হ’ল মাজুলীৰ শিক্ষানুষ্ঠানসমূহ