ধেমাজি, 3 মে': এফালে দেশব্যাপী কৰ'ণাৰ আতংক, আনপিনে সমাগত বাৰিষা । বাৰিষাক লৈ শংকিত হৈ পৰিছে ধেমাজিৰ ভিন্ন বানাক্ৰান্ত অঞ্চলৰ লোক । বিশেষকৈ যোৱা বৰ্ষত জীয়াঢলৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ খনা, ভোমা, চুতীয়াকাৰী, গোঁহাইবাৰী, দেওডুবি আদিকে ধৰি প্ৰায় ডেৰকুৰি গাঁৱৰ ৰাইজে আতংকৰ মাজেৰে কটাইছে দিন ।
উল্লেখ্য যে, জীয়াঢলৰ কুমটীয়া সোঁপাৰৰ মথাউৰিৰ সাপেখাতি অঞ্চল উন্মুক্ত হৈ থকাৰ ফলতে কেইবা বছৰ ধৰি বানত ক্ষতিগ্ৰস্ত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজ । কিয়নো এই অঞ্চলসমূহত বাৰিষা এজাক বৰষুণতে সৃষ্টি হয় বানপানী । সেয়ে এতিয়া মথাউৰি নিৰ্মাণ কৰি দিব নোৱাৰিলেও বাৰিষাৰ বাবে নাও যোগান ধৰিবলৈয়ে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে ।
লগতে পঢ়কঃ বাৰিষাৰ আগতে সম্পূৰ্ণ হ'ব নে মথাউৰি মেৰামিতৰ কাম !