ETV Bharat / state

পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই - ভুগৰ্ভত গেছ,তেলৰ ভাণ্ডাৰ

মাজৰবাৰীত দমকলৰ পাইপত জ্বলিছে জুই ৷ ভূ-গৰ্ভত গেছ-তেলযুক্ত পদাৰ্থৰ ভাণ্ডাৰ মজুত থকাৰ সন্দেহ কৌতুহলী ৰাইজৰ ৷

fossil fuel may available
fossil fuel may available
author img

By

Published : May 16, 2021, 5:28 PM IST

Updated : May 16, 2021, 7:20 PM IST

জোনাই, ১৬ মে': ধেমাজি জিলাৰ চমকং অঞ্চলৰ ৪ নং মাজৰবাৰীত দমকলৰ পাইপত জুই জ্বলা ঘটনাই ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে । ৪ নং মাজৰবাৰী গাঁৱৰ মতিন খেৰকটাৰীৰ ঘৰত দমকল বহুৱাবলৈ 35 ফুট গভীৰতালৈ পাইপ পোতা হয় । পাইপেৰে পানী ওলোৱাৰ বিপৰীতে গেছ আৰু তেলযুক্ত পদাৰ্থ ওলায় । ইয়াৰ পাছত আন এটা স্থানত পুনৰ পাইপ পোতা হয় চল্লিশ ফুটৰ গভীৰতালৈ । সেই স্থানতো একেধৰণৰ পদাৰ্থই ওলাবলৈ লয় ।

মাজৰবাৰীত দমকলৰ পাইপত জ্বলিছে জুই

ভূ-গৰ্ভৰ পৰা পাইপেৰে ওলোৱা গেছ-তেলযুক্ত পদাৰ্থবোৰ দিয়াশলাই মাৰি দিওতে দাওদাওকৈ অহৰহভাৱে জ্বলিবলৈ ধৰে আৰু জ্বলি থকা জুই নিৰ্বাপন নহয় । জ্বলি থকা জুইকুৰাই বিপদ ঘটোৱাৰ আশংকা কৰি অতি কষ্টৰ মাজেৰে দলকলৰ পাইপবোৰ উঠাই নলাটো পুতি পেলোৱা হৈছে । অঞ্চলটোৰ ভূ-গৰ্ভত গেছ, তেলৰ ভাণ্ডাৰ মজুত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে ।

লগতে পঢ়ক : সৰুপথাৰ সমষ্টিত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন

Last Updated : May 16, 2021, 7:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.