ETV Bharat / state

জোনাইত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ - MP Pradan Barua

বছৰ বছৰ ধৰি চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক দলং (Bridge) এখন নিৰ্মাণ কৰি দিবলৈ আহ্বান জনোৱাৰ পাছতো জোনাইৰ মেনজেগবাসীয়ে নাপালে এখন দলং ৷ অৱশেষত চৰকাৰলৈ বাট নেচাই প্ৰায় 11 খন গাঁৱৰ ৰাইজে মিলি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং (Bamboo Bridge) ৷

People build bamboo bridge in Jonai
জোনাইত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ
author img

By

Published : Jul 24, 2021, 5:43 PM IST

জোনাই, 24 জুলাই : জোনাই মহকুমাৰ 3 নং ৰায়াং অঞ্চলৰ ৰায়াং কাঠনী হাতীজান পথৰ ওপৰত থকা মেনজেগ নলাত আজিকোপতি নিৰ্মাণ নহ'ল এখন পকী দলং ৷ ফলত বছৰ বছৰ ধৰি প্ৰায় 11 খন গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগিব লগীয়া হৈছে ৷ দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ ওচৰত বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ফল নধৰাত অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং (Bamboo Bridge) নিৰ্মাণ কৰে ।

উল্লেখযোগ্য যে, জোনাই মহকুমাৰ ৰায়াং অঞ্চল কাঠনী হাতীজান পথৰ মেনজেগ নলাটোৰ ওপৰেদি বিপদসংকুল যাতায়াত কৰি থাকিবলগীয়া হৈছে ৷ কিন্তু চৰকাৰে আজিলৈ মেনজেগ নলাৰ ওপৰত দলং নিৰ্মাণ কৰি নিদিয়া বুলি অভিযোগ কৰিছে ৰাইজে ৷ ইয়াৰ বিপৰীতে প্ৰতি বছৰে ৰাইজে নিৰ্মাণ কৰা সাধাৰণ বাঁহৰ দলঙৰেই স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজে বিপদসংকুল যাতায়াত কৰি থাকিবলগীয়া হৈছে ৷

জোনাইত ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ

বিশেষকৈ জৰুৰী সময়তো পথটোৰ বাবে উক্ত গাঁওকেইখনলৈ নাহে এখন এম্বুলেঞ্চ ৷ ফলত জৰুৰি চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ইপিনে লখিমপুৰ সমষ্টিৰ (Lakhimpur Constituency) সাংসদ প্ৰদান বৰুৱা (MP Pradan Barua)ই এই পথটো পৰিদৰ্শন কৰি পথটোৰ লগতে দলং এখন নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দিছিল যদিও আজি পৰ্যন্ত দলং খন নিৰ্মাণ কৰি নিদিলে বুলি ৰাইজে অভিযোগ কৰিছে।

আনহাতে, জোনাই সমষ্টিত (Jonai Constituency) একেৰাবে তিনিবাৰকৈ বিধায়ক হোৱাৰ পিছতো বিধায়ক ভূৱন পেগুৱেও (MLA Bhuban Pegu) অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ মুঠতে নিৰ্বাচন আহিলেও কি কংগ্ৰেছ, কি বিজেপি সকলোৱে মেনজেগ নলাৰ ওপৰত পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সেই সকলো প্ৰতিশ্ৰুত মিছা বুলি কটাক্ষ কৰে ৰাইজে ৷ শীঘ্ৰেই যদি পথটো মেৰামতি কৰাৰ লগতে দলং এখন নিৰ্মাণ কৰি নিদিয়ে, তেনেহ'লে অনাগত দিনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৰাইজে ৷

লগতে পঢ়ক-কলগাছিয়াত ভয়ংকৰ খহনীয়াত উচন শতাধিক পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.