ETV Bharat / state

Congress Street Meeting : গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াইছে বিজেপিয়ে: পৱন সিং ঘাটোৱাৰ

author img

By

Published : Apr 9, 2023, 9:45 AM IST

ধেমাজিত কংগ্ৰেছৰ পদ সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ৷ ঘাটোৱাৰৰ মন্তব্য, গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াইছে বিজেপিয়ে (congress leader Pawan Singh Ghatowar slammed BJP) ।

Dhemaji congress
Dhemaji congress
: গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াইছে বিজেপিয়ে: পৱন সিং ঘাটোৱাৰ

ধেমাজি, ৯ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছে । শাসকীয় দল বেজেপিৰ সমান্তৰালভাৱে দেশৰ বিৰোধী দলসমূহেও নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে । শেহতীয়াভাৱে কংগ্ৰেছেও ২০২৩ বৰ্ষৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে দলক সাজু কৰাৰ কাম আৰম্ভ কৰিছে (Lok Sabha election 2023) । ইতিমধ্যে অসমতো কংগ্ৰেছৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । তাৰেই অংশ হিচাবে ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত শনিবাৰে আবেলি ধেমাজিৰ লিলি চিনেমা হলৰ প্ৰাংগণত জয় ভাৰত সত্যাগ্ৰহৰ অংশ হিচাবে পথ সভা অনুষ্ঠিত কৰে (congress street meeting at Dhemaji) ৷

ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয় যে দেশৰ স্বাধীনতা আন্দোলনৰ দীঘলীয়া সময়ছোৱাত অসমৰ বহু স্বাধীনতা সেনানীয়ে আত্মবলিদান দিছিল । কিন্তু সেই সময়ত আৰএছএছৰ ভাবধাৰা থকা বিজেপি নেতাসকলে সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল (Pawan Singh Ghatowar alleged against RSS) । প্ৰসংগক্ৰমে তওঁ বিজেপি চৰকাৰে গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনা বুলিও উল্লেখ কৰে ।

তেওঁৰ অভিযোগ, বিজেপিয়ে গণতন্ত্ৰ নাইকিয়া কৰিব বিচাৰিছে । গণতান্ত্ৰিক দেশ এখনত বিৰোধী দল থকাটো বাঞ্ছনীয় যদিও বিজেপি দলে দেশক কংগ্ৰেছমুক্ত কৰিব বিচৰাৰ অৰ্থ হৈছে বিৰোধী দল নোহোৱা কৰি গণতন্ত্ৰক বিশ্বাস নকৰা হৈছে (congress leader Pawan Singh Ghatowar slammed BJP) ৷ শেহতীয়াকৈ অসমত বিৰোধী দলৰ বিধায়কসকলক বিৰোধী দলত থাকিলে একো লাভ কৰিব নোৱাৰে বুলি পতিয়ন নিয়াই কংগ্ৰেছৰ একাংশ নিৰ্বাচিত বিধায়কক দল ত্যাগ কৰাই বিজেপিত যোগদান কৰোৱা বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷

লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়ে বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজক ভর্ৎসনা কৰে ৷ সভাত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ শৈলেন সোণোৱালেও বিজেপি চৰকাৰৰ কাম-কাজৰ তীব্ৰ বিৰোধিতা কৰি ধিক্কাৰ দিয়ে । লগতে আগন্তুক দিনত এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰে ৷

লগতে পঢ়ক :Protest in Dhemaji: ধেমাজিত শিক্ষামন্ত্ৰীক ব্যৰ্থ আখ্যা আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.