ETV Bharat / state

পূৰ্বৰ চৰকাৰে অসম তথা উত্তৰ-পূৱক মাহীআইৰ দৃষ্টিৰে চাইছিলঃ প্ৰধানমন্ত্ৰী - ৫টাকৈ মেগা প্ৰকল্প উদ্বোধন

সোমবাৰে ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত জনসভাত অংশ লৈ অসমত শাসন চলোৱা পূৰ্বৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । উন্নয়নৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক পূৰ্বৰ চৰকাৰে মাহীআইৰ দৰে ব্যৱহাৰ কৰিছিল ।

ধেমাজিৰ চিলাপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Feb 22, 2021, 4:17 PM IST

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী: দিল্লী আৰু দিছপুৰত শাসনৰ গাদীত থকা বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, পূৰ্বৰ চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সদায় মাহীআইৰ দৃষ্টি গ্ৰহণ কৰি আহিছে । সোমবাৰে ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ৫টাকৈ মেগা প্ৰকল্প উদ্বোধনৰ বাবে দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ।

ধেমাজিৰ চিলাপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
ধেমাজিৰ চিলাপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন, শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, বঙাইগাঁও শোধনাগাৰৰ ইন্দ-মেক্স ইউনিট, ডিব্ৰুগড়ৰ মধুবানীত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু মাকুমৰ গেছ সংকোচন কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনৰ প্ৰাক ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে তৃতীয়বাৰৰ বাবে অসমলৈ আহিছে । জানুৱাৰী মাহত এবাৰ আৰু ফেব্ৰুৱাৰী মাহত দুবাৰ অসমত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে চিলাপথাৰৰ সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই মোৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত কৈছিলো যে, উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ ভিতৰতে উন্নয়নৰ এক নতুন ইঞ্জিন হ'বলৈ গৈ আছে আৰু এই গুৰুত্বপূৰ্ণ প্ৰকল্পবোৰ দেশবাসীৰ বাবে উৎসৰ্গিত কৰা কাৰ্যই সূচাইছে যে, মই যি কৈছিলো সেয়া বাস্তৱত কৰি দেখুৱাইছো' । লগতে তেওঁ কয় যে, অসমত পূৰ্বে শাসন কৰা চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মাহীআইৰ দৰে ব্যৱহাৰ কৰি আহিছে আৰু সকলো সম্ভাৱনা থকাৰ পিছতো পূৰ্বৰ চৰকাৰৰ এনে এলাগী ব্যৱহাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছিল ।

বিজেপি চৰকাৰে গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশৰ মুঠ জনসংখ্যাৰ কেৱল আধাখিনিয়েহে ৰন্ধন গেছৰ সুবিধা লাভ কৰিছিল । তেওঁৰ মতে, 'আগতে অসমত ৰন্ধন গেছৰ সুবিধা লাভ কৰিছিল মুঠ জনসংখ্যাৰ মাত্ৰ ৪০ শতাংশ লোকে । আমি প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰিছো আৰু এতিয়া অসমৰ ১০০ শতাংশ লোকেই ৰন্ধন গেছৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে' ।

তেওঁ লগতে কয় যে, এইবাৰ কেন্দ্ৰীয় বাজেটত উজ্জলা আঁচনিৰ অধীনত ১ কোটি বিনামূলীয়া এলপিজি সংযোগৰ বাবে ধনৰাশি ধাৰ্য কৰা হৈছে আৰু এই পদক্ষেপে ৰাজ্যৰ পিছপৰা অঞ্চলৰ মহিলাসকলক যথেষ্ট উপকৃত কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিদ্যুৎ সংযোগ নথকা দেশৰ প্ৰায় ১৮ হাজাৰ গাঁৱৰ ভিতৰত বেছিভাগেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ । বিজেপি চৰকাৰে প্ৰতিখন ঘৰতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সমগ্ৰ দেশতে স্থাপন কৰা গেছ পাইপলাইন আৰু অপ্টিকেল ফাইবাৰবোৰে দেশত যথেষ্ট পৰিৱৰ্তন আনিব ।

লগতে নতুন শিক্ষানীতিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, বিজেপি চৰকাৰে নতুন শিক্ষানীতি ৰূপায়ণৰ ব্যৱস্থা হাতত লৈছে আৰু ই চাহ জনগোষ্ঠীৰ লগতে আন জনজাতিসকলৰ লোকসকলে মাতৃভাষা শিকাৰ ক্ষেত্ৰত সহায়ক হ'ব । দেশৰ কৃষকসকলৰ উৎপাদিত শস্য আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰাতো নিশ্চিত কৰিবলৈ চৰকাৰে কৃষি আইন সংশোধন কৰিছে বুলিও মন্তব্য কৰে মোডীয়ে ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনীতিত অৰিহনা যোগাই অহা ক্ষুদ্ৰ চাহ উৎপাদনকাৰীসকলক ভূমি পট্টা প্ৰদান কৰাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে আৰু এই কাৰ্যই ক্ষুদ্ৰ চাহ উৎপাদনকাৰীসকলৰ মনোবল বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে । তেওঁ কয় যে, এতিয়া অঞ্চলটোৰ অধিক উন্নয়নৰ বাবে বিকাশৰ 'ডবল ইঞ্জিন' শক্তিশালী কৰাৰ সময় আহি পৰিছে ।

লগতে পঢ়ক:মুম্বাইত ১২.৫ কোটি টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.