ETV Bharat / state

চিমেন নদীত গা ধুবলৈ গৈ নিখোজ যুৱক

সমনীয়াৰ সৈতে চিমেন নদীত গা ধুই থকাৰ অৱস্থাতে নৈৰ সোঁতত নিখোজ এজন যুৱক ৷ ইতিমধ্যে নিখোজ যুৱক জনক উদ্ধাৰৰ বাবে আৰক্ষী আৰু SDRF ৰ লোকে তীব্ৰ অভিযান চলাইছে যদিও কোনো সম্ভেদ পোৱা নাই যুৱক জনৰ ৷

One Youth Missing in Simen River At Dhemaji
চিমেন নদীত গা ধুবলৈ গৈ নিখোজ যুৱক
author img

By

Published : Aug 15, 2020, 10:57 PM IST

ধেমাজি, ১৫ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনাই ধেমাজি জিলাৰ চিমেন চাপৰিত সংঘটিত হয় শোকাৱহ ঘটনা ৷ চিমেন নদীত গা ধুবলৈ গৈ নিখোজ হয় এজন কলেজীয়া যুৱক ৷ নিখোজ হোৱা যুৱকজন চেঙাজান অসমীয়া গাঁৱৰ হেমচন্দ্ৰ বৰাৰ পুত্ৰ সত্যজিত বৰা (১৮) বুলি জানিব পৰা গৈছে ৷ যুৱকজন চিমেন চাপৰি কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ৷

চিমেন নদীত গা ধুবলৈ গৈ নিখোজ যুৱক

জানিব পৰা মতে স্বাধীনতা দিৱসৰ উপলক্ষে অনুষ্ঠিত হোৱা ফুটবল খেলাৰ অন্তত বিয়লি প্ৰায় ১ বজাত ৪-৫ জনীয়া সমনীয়াৰ সৈতে চিমেন নদীত গা ধুবলৈ গৈ আনন্দ- স্ফূৰ্তি কৰি আছিল ৷ গা ধুই থকা অৱস্থাতে নদীৰ সোঁতে যুৱক জনক উটুৱাই নিয়ে ৷ সমনীয়া কেইজনে বহু চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে সত্যজিত বৰাক ৷ ইপিনে উক্তঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ জোৱান উপস্থিত হৈ যুৱক জনক উদ্ধাৰৰ অভিযান চলাই যদিও এতিয়ালৈকে যুৱক জনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ উক্ত ঘটনাৰ বাবে এতিয়াও সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক-নদীত গা ধুবলৈ গৈ নিখোজ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.