ETV Bharat / state

মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদানৰ দাবী মিচিং সাহিত্য সভাৰ - ৰাষ্ট্ৰীয় শিক্ষা নীতি

মিচিং জনগোষ্ঠীয় ভাষা সন্দৰ্ভত জোনাই মিচিং সাহিত্য সভাই সোমবাৰে অনুষ্ঠিত কৰে এখন বিশেষ সভা ৷ সভাখনত মিচিং সকলৰ কেইবাটাও দাবীৰে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

One Meeting Held By Mising Sahitya Sabha At Jonai
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়ক চৰকাৰে : মিচিং সাহিত্য সভা
author img

By

Published : Aug 3, 2021, 12:31 PM IST

জোনাই, 3 আগষ্ট : ধেমাজি জিলা (Dhemaji District)ৰ জোনাইত 'মিচিং আগম কেবাং জনা' অৰ্থাৎ মিচিং সাহিত্য সভা (Mising Sahitya Sabha)ৰ অন্তৰ্গত ১৬ টাকৈ মিচিং সাহিত্য শাখাৰ যৌথ উদ্যোগত বিজয়পুৰত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ অনিল টাইদৰ সভাপত্বিত অনুষ্ঠিত হয় এই বিশেষ সভাখন । সভাৰ আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ, লেখক, ভাষাতত্ববিদ তথা মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি মিগাং টাবুৰাম টাইদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনায় সকলোৱে ।

মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়ক চৰকাৰে : মিচিং সাহিত্য সভা

মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ দাবীত কেন্দ্ৰীয় মিচিং সাহিত্য সভাৰ নিৰ্দেশ ক্ৰমে অনুষ্ঠিত কৰে এই সভাখনস । চলিত অসম বিধান সভাৰ অধিৱেশনৰ চতুৰ্থ কেবিনেট বৈঠকত মিচিং ভাষাক 'ব্রিজিং লেংগুৱেজ' (Bridging Language) হিচাপে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মিচিং সাহিত্য সভাই ৷

লগতে পঢ়ক - বস্ত্ৰ উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ হৰ্ষজিৎ সন্দিকৈৰ

'ব্রিজিং লেংগুৱেজ'ৰ পৰিৱৰ্তে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপেহে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে মিচিং সাহিত্য সভাৰ সদস্য সকলে । উক্ত সভাখনত উপস্থিত থাকে মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্রাক্তন কাৰ্যকৰী সদস্য চেনিৰাম পাংগিং, ডেবিং বাংকেৰ উপদেষ্টা জয়চিং মিলি আৰু ১৫ খনকৈ মিচিং আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক সকল ।

ইফালে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM himanta Biswa Sarma) আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু Education Minister Dr Ranoj Pegu)লৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ মিচিং ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।

মিচিং সাহিত্য সভাই দাবী জনোৱা প্ৰস্তাৱকেইটা যদি অসম চৰকাৰে মানি নলয়, তেনেহ'লে মিচিং সকলৰ জাতীয় সংগঠনসমূহে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে মিচিং সাহিত্য সভাৰ বিষয়ববীয়া সকলে ৷

লগতে পঢ়ক - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.