জোনাই, ২৯ জুন : ৰাজ্যত বান অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation of Assam)। এতিয়া বহু স্থানত বান পৰিস্থিতি অতি ভয়াৱহ হৈ আছে । উদ্বেগজনকভাৱে বানৰ কৱলত পৰি এতিয়ালৈ ৰাজ্যত ১২২ গৰাকী লোকৰ মৃত্যু হৈছে । প্ৰতিদিনে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে । ইয়াৰ মাজতে বুধবাৰে ধেমাজিৰ জোনাইত আন এক শোকাৱহ ঘটনা ।
জিলাখনৰ জোনাইত বানৰ কৱলত পৰি পুনৰ এগৰাকী লোকে প্ৰাণ হেৰুৱালে (One killed in Jonai due to floods)। মৃত ব্যক্তিগৰাকী জোনাইৰ অকলেণ্ড গাৱঁৰ নিবাসী বলোৰাম ভূমিজ বুলি জানিব পৰা গৈছে । ৰহস্যজনকভাৱে নিজৰ ঘৰৰ ভিতৰতে উদ্ধাৰ লোকজনৰ মৃতদেহ ।
উল্লেখ্য যে জোনাইৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে (Flood in Jonai)৷ প্ৰতিদিনে নতুন নতুন অঞ্চল প্লাৱিত হৈছে । তেনে সময়তে মৃত বলোৰাম ঘৰতোও বানৰ কৱলত পৰে । যাৰ বাবে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলে নিশাৰে পৰা সুৰক্ষিত স্থানত আশ্ৰয় লৈ আছে ।
কিন্তু বলোৰাম ভূমিজে ঘৰ ৰখীয়া হৈ ঘৰতে আছিল ৷ কিন্তু দুপৰীয়া পানী কিছু কমি অহাত বলোৰাম ভূমিজৰ ৱোবাৰীয়েকে ঘৰলৈ আহি পানীত পৰি থকা অৱস্থাত দেখা পায় ৬০ বছৰীয়া বলোৰামক । লগে লগে বোৱাৰীয়েকে চুবুৰীয়াক খবৰ দিয়ে ৷
আনহাতে ঘটনাৰ খবৰ লাভ কৰি জোনাই আৰক্ষী আৰু SDRFৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । ইফালে বৰ্তমানলৈ জোনাই মহকুমাৰ ভয়াৱহ বানত দুজন লোকৰ মৃত্যু ঘটিছে । মঙলবাৰে ভৱানী মিলি নামৰ দুবছৰীয়া এটি শিশুৰ মৃত্যু হৈছিল ৷
লগতে পঢ়ক :জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ