জোনাই, ২ মে' : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জোনাই আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ কানি(Large quantity of Kani seized at Jonai) ৷ জোনাই থানাৰ আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ কানি (One man arrested in with illegal intoxicating element) ৷
ইফালে কানিসহ আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোকজন জোনাই উজনি বিজয়পুৰৰ গাঁৱৰ নিৱাসী মিত্ৰদেৱ মেদক বুলি জানিব পৰা গৈছে ৷ ইফালে আটকাধীন লোকজনৰ বাসগৃহত তালাচী চলাই ৪২ গ্ৰাম সম্পূৰ্ণ আচল কানি আৰু ভেজাল কানি ৫৬ গ্ৰাম জব্দ কৰিবলৈ সক্ষম হয় জোনাই আৰক্ষীয়ে ৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত লোকজনে কানিখিনি অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা আনি বাসগৃহৰ পৰাই কানি সৰবৰাহ কৰি থকা বুলি জানিবলৈ দিয়ে ৷
আনহাতে, জোনাই মহকুমাত অনাগত দিনতো মদ, ভাং, কানি, ড্ৰাগছ আদি সেৱন অথবা বিক্ৰী কৰা দেখিলে এনে ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে জোনাই আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসে ৷
লগতে পঢ়ক : বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়