ETV Bharat / state

Death anniversary of Suren Doley: মৃত্যু বাৰ্ষিকীত ঔপন্যাসিক সুৰেণ দলেক ষ্মৰণ - Missing Assamese newsletter Release

জোনাইত ঔপন্যাসিক সুৰেণ দলেক সুঁৱৰি মৃত্যু বাৰ্ষিকী পালন (Novelist Suren Daleys death anniversary observed)। তেখেতৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে আয়োজিত সভাত মিচিং ভাষাৰ প্ৰথম ঔপন্যাসিকগৰাকীৰ অৱদান সম্পৰ্কে ষ্মৰণ কৰিলে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে । উল্লেখ্য় যে সুৰেণ দলেই কেইবাখনো মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যক চহকী কৰাৰ ক্ষেত্ৰত আগবঢ়াই গৈছে বিশেষ অৱদান ।

Suren Dole Memorial Meetingin Dhemaji
সুৰেণ দলেৰ মৃত্যু বাৰ্ষিকী পালন
author img

By

Published : Dec 26, 2022, 11:08 AM IST

সুৰেণ দলেৰ মৃত্যু বাৰ্ষিকী পালন

জোনাই,২৬ ডিচেম্বৰ: বগুম চৃঃলুং আৰাদক য়ুমে ললাদৰ স্ৰষ্টা তথা মিচিং ভাষাৰ প্ৰথমগৰাকী ঔপন্যাসিক সুৰেণ দলেৰ মৃত্যু বাৰ্ষিকী দেওবাৰে পালন কৰা হয় (Death anniversary of novelist Suren Doley)। এই উপলক্ষে বাহিৰ জোনাই দলুং কেবাঙৰ উদ্যোগত আৰু গুৰবান গমলাব অপেৰ সহযোগত বাহিৰ জোনাই পঞ্চায়তৰ সভা কক্ষত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় (Suren Dole Memorial Meeting at Jonai)।

ঔপন্যাসিকগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে পুৱা প্ৰদীপ কুমাৰ দলে আৰু অনন্ত কুমাৰ দলেয়ে সুৰেণ দলেৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বাহিৰ জোনাই দলুং কেবাঙৰ সভাপতি ভূপেন দলেৰ সভাপতিত্বত আৰু সম্পাদক বিদ্যুৎ দলেয়ে আঁতধৰা উক্ত স্মৃতিচাৰণ সভাখন শিল্পী টংকেশ্বৰ দলেৰ গীতেৰে শুভাৰম্ভ কৰা হয় (Bahir Jonai Dalung Kebang)। মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে উদ্বোধন কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট কবি মাধব পাৱ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলেশ্বৰ কাৰ্দং, কবি তোষেশ্বৰ মিৰি আগৰৱালা, অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ মিলি, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, ৰয়েল পেগু, বিজয় বৰি, সুৰেণ দলেৰ পুত্ৰ অনন্ত দলে, ডাঃ তিলেশ্বৰ কামনা, বিদ্যা দলে, পুষ্প দলে,মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা কৃষ্ণ দলে, জোনাই টি এম পি কেৰ জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং আদিয়ে ঔপন্যাসিক সুৰেণ দলেৰ সৃষ্টিশীল সাহিত্য কৰ্ম আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অবদানক উল্লেখ কৰে (Executive Member Mising Autonomous Council) ।

ইপিনে, এই অনুষ্ঠানটোত মিচিং আগম কেবাঙৰ প্ৰাক্তন সম্পাদক, লেখক-শিল্পী ইন্দ্ৰেশ্বৰ পেগুৰ 'গুৰবান' নামৰ মিচিং-অসমীয়া ভাষাৰ দুমহীয়া বাৰ্তালোচনীখনৰ প্ৰথম সংখ্যাটো উন্মোচন কৰা হয় (Missing Assamese newsletter Release)। 'গুৰবান' বাৰ্তালোচনীৰ মুখ্য সম্পাদক ড৹ দীপক কুমাৰ দলে, সম্পাদক বিজয় বৰি আৰু প্ৰকাশক ৰয়েল পেগুও সভাত উপস্থিত থাকে ।

উল্লেখ্য় যে মিচিং সমাজৰ সাহিত্যিক, বিশিষ্ট সমাজ সংগঠক, বৰেণ্য ব্যক্তি তথা 'বগুম চৃঃলুং আৰাদক য়ুমে ললাদ' নামৰ মিচিং ভাষাৰ প্ৰথমখন উপন্যাসৰ স্ৰষ্টা সুৰেণ দলে আজীৱন সাহিত্য-সংস্কৃতিৰ সাধক আছিল । সুৰেণ দলেয়ে 'লেকে নিঃতম', 'আলি-আয়ে-লৃগাং', 'নিঃতম তুলি', 'চৃঃচাং আজন' 'বগুম চৃঃলুং আৰাদক য়ুমে ললাদ','বৃম ৰুক্‌চুদদক গমুগ',মিবু আঃবাং আৰু 'কম্বং' আদি মৌলিক গ্ৰন্থ প্ৰণয়ন কৰি মিচিং আৰু অসমীয়া সাহিত্য জগতক চহকী কৰি থৈ গৈছে ।

লগতে পঢ়ক:Asom Natya Sanmilan: স্থাপন হ’ল অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.