ETV Bharat / state

জোনাইত অ-প্রাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Aug 19, 2021, 3:47 PM IST

ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে বিদ্যালয়সমূহ । কিন্তু তাৰ মাজতে জোনাইত প্ৰতিবাদত বহিল একাংশ শিক্ষক আৰু শিক্ষাৰ্থী । কিহৰ বাবে এই প্ৰতিবাদ তেওঁলোকৰ ?

teacher protest
স্মাৰ্টফোনৰ দাবীত জোনাইত অপ্রাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ প্ৰতিবাদ

জোনাই, ১৯ আগষ্ট : শেহতীয়াকৈ ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে চৰকাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক স্মাৰ্ট ফোন (Smart phone) প্ৰদান কৰাৰ ঘোষণা কৰিছিল । এই ঘোষণা অনুসৰি বিশেষ আঁচনিৰ জৰিয়তে চৰকাৰী আৰু প্ৰাদেশিকৃত হাইস্কুলৰ (provincialized School) ছাত্ৰ-ছাত্ৰীৰ মাজত স্মার্ট ফোন বিতৰণ কৰিব চৰকাৰে । কিন্তু এই আঁচনিত চৰকাৰী অনুমতি প্রাপ্ত আৰু ছেবাৰ দ্বাৰা স্বীকৃতি প্রাপ্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামো অন্তৰ্ভূক্ত কৰিবলৈ লগতে শিক্ষাৰ্থীসকলক স্মার্ট ফোন বিতৰণৰ দাবীত বুধবাৰে জোনাইত ৰূপায়ণ কৰা হয় এক প্রতিবাদী কাৰ্যসূচী ।

সদৌ অসম অ-প্রাদেশিকৃত হাইস্কুল শিক্ষক সংস্থাৰ জোনাই জিলা কমিতিৰ উদ্যোগত জোনাই মহকুমাধিপতি কার্যালয় প্রাঙ্গনত বুধবাৰে ৰূপায়ণ কৰা হয় এই প্রতিবাদী কার্যসূচী । কাৰ্যসূচীত মহকুমাটোৰ বিভিন্ন হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অংশ গ্ৰহণ কৰে প্ৰায় শতাধিক ছাত্র-ছাত্রীয়ে । প্রতিবাদী শিক্ষক তথা শিক্ষাৰ্থীসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ।

ইফালে নৱম আৰু দশম শ্রেণীত অধ্যয়নৰত সকলো চৰকাৰী অনুমতি প্রাপ্ত আৰু ছেবাৰ (SEBA) দ্বাৰা স্বীকৃতিপ্রাপ্ত হাইস্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক বৈষম্যমূলক নীতি পৰিহাৰ কৰি সকলোকে স্মার্ট ফোন আৰু বিনামূলীয়া সাজ-পোছাক প্ৰদান কৰা, চৰকাৰী অনুমতি প্রাপ্ত আৰু ছেবাৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰীসকলকো বৈষম্যতা প্রদান নকৰি চাইকেল আৰু চেনিটেৰী পেড বিতৰণৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদী শিক্ষক তথা শিক্ষাৰ্থীসকলে । লগতে চৰকাৰী অনুমতি আৰু চেৱাৰ দ্বাৰা স্বীকৃতি প্রাপ্ত সকলো হাইস্কুলক অতি শীঘ্ৰে বিনা চর্তে প্রাদেশিকৰণ কৰাৰ লগতে বিত্তীয় সাহাৰ্য প্রদানৰ ব্যৱস্থা কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে । ইফালে প্ৰতিবাদৰ অন্তত সকলো দাবী উত্থাপন কৰি এক স্মাৰকপত্র জোনাই মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষক তথা শিক্ষাৰ্থীসকলে ।

লগতে পঢ়ক :আমিনগাঁৱত উপস্থিত ষ্টীল আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ফাগান সিং কুলস্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.