ধেমাজি,29 এপ্ৰিল: ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিত 27 এপ্ৰিলৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰিছে জিলা প্ৰশাসনে ৷ নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে জিলাখনত ৷
এই সময়চোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে অনাহকত নিশা ৰাজপথত যান-বাহন চলাই ফুৰা সান্ধ্য আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰে আৰক্ষী ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ধেমাজি সদৰৰ চাৰিআলিত সষ্টম হৈছে আৰক্ষী ৷
উল্লেখ্য যে, ধেমাজিত বুধবাৰৰ দিনটোত 220 গৰাকীকৈ ক’ভিড সক্ৰিয় ৰোগী পোৱা গৈছে ৷ আনহাতে বুধবাৰে আক্ৰান্ত হৈছে 29 গৰাকীকৈ লোক ৷ সম্প্ৰতি জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 321 গৰাকী ৷ আনহাতে বৰ্তমানলৈকে মৃত্যু হৈছে দুগৰাকী লোকৰ ৷
লগতে পঢ়ক : প্ৰকৃততে ভূমিকম্পত হেলনীয়া হোৱা নাছিল নেকি নগাঁও চহৰৰ অট্টালিকাটো !