ETV Bharat / state

Subansiri Dam : অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:53 PM IST

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ ঘটিল প্ৰকল্পত পুনৰ অঘটন । এন এইচ পি চি আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া আছু,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা
Subansiri Dam
নামনি সোৱণশিৰি প্ৰকল্পত অঘটন

জোনাই, ২৭ অক্টোবৰ : হঠাৎ স্তব্ধ হৈ পৰিছে সোৱণশিৰি নদীৰ গতি । কিন্তু কিয় স্তব্ধ হৈছে নদীখনৰ গতি ? আনহাতে, শুকাই গৈছে নদীখনৰ বক্ষ ৷ যাৰ বাবে এতিয়া বিভিন্ন প্ৰশ্নৰ উদয় হৈছে । তেন্তে এয়া কি প্ৰকৃতিয়ে পুনৰ বিপদৰ আগজাননী দিছে নেকি ? বিশেষজ্ঞৰ প্ৰতিবেদন, ভূকম্পন এলেকাত বৃহৎ বান্ধৰ ভয়াৱহতা তথা নামনিৰ ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত নকৰাকৈ জাতীয় দল-সংগঠনৰ হাজাৰ প্ৰতিবাদকো নেওচা দি এন এইচ পি চি কৰ্তৃপক্ষই দাংকোপ মাৰি নিৰ্মাণ কৰি থকা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে পুনৰ ঘটে অঘটন ।

পাহাৰত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত বাঁওপাৰৰ ১ নং ডাইভাৰ্চন টাৰ্নেল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ফলত নদীৰ নামনি অংশত পানী ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে । বোৱতী সোঁত নাইকিয়া হৈ গৈছে । আনহাতে, বহু লোকে আকৌ মাছ ধৰিবলৈ যোৱাৰ দৃশ্যও সামাজিক মাধ্যমত প্ৰকাশ পাইছে ৷ মুঠ আঠটা ডাইভাৰ্চন টাৰ্নেল থকা গেৰুকামুখ প্ৰকল্পত এনেদৰে যদিহে নদীৰ জলধাৰা বন্ধ হৈ থাকে তেন্তে নামনিত আবতৰীয়া বান হোৱাৰ আশংকাৰ সৃষ্টি হৈছে ৷

ইফালে এই ঘটনাৰ পিছতে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন এইচ পি চি আৰু চৰকাৰৰ বিৰুদ্ধে ৷ অৱশ্যে এতিয়ালৈকে এন এইচ পি চি কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভণিৰে পৰাই বিভিন্ন পক্ষই এই বান্ধটোৰ সুৰক্ষাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে । কিন্তু এন এইচ পি চিৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন পক্ষৰ বাদ-প্ৰতিবাদতো কাণসাৰ দিয়া নাই । যাৰ বাবে এই প্ৰকল্পটোৰ নামনি অংশত অনাগত দিনত ভয়ংকৰ বিপদৰ আগজাননী ইতিমধ্যে লাভ কৰা হৈছে ।

লগতে পঢ়ক :Passenger Ferry stuck : ব্ৰহ্মপুত্ৰৰ বুকুত দুঘণ্টা ধৰি আৱদ্ধ মাজুলী অভিমুখী ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.