ধেমাজি, 25 অক্টোবৰ : ক'ভিড-19 ৰ যুদ্ধত সকলোৱে একেলগে অংগীকাৰবদ্ধ হোৱাৰ উদ্দেশ্যে ধেমাজিত NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত দেওবাৰে পুৱা 6 বজাৰ পৰা 7 বজালৈ ধেমাজি সদৰত একতাৰ দৌৰ সম্পন্ন হয় ৷ এই কাৰ্যসূচীত জিলাখনৰ স্বাস্থ্য বিভাগৰ কমী, স্বেচ্ছাসেৱক, NCC কমী, NDRFৰ কৰ্মীসহ মুঠ 50 গৰাকী লোকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, কাৰ্যসূচী শুভাৰম্ভ কৰে NDRFৰ পৰিদৰ্শক জিডি ৰাকেশ কুমাৰে ৷
লগতে পঢ়ক : আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বী এটা পৰিয়াল