ETV Bharat / state

প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰিলে ৰোগাক্ৰান্ত বৰটোকোলা

author img

By

Published : Feb 3, 2021, 1:18 PM IST

Updated : Feb 3, 2021, 1:26 PM IST

ধেমাজিৰ মৌমাৰী জলাশয়ত মূমুৰ্ষ অৱস্থাত দুস্পাপ্য প্ৰজাতিৰ ৰোগাক্ৰান্ত বৰটোকোলাক উদ্ধাৰ কৰি সুস্থ কৰি তুলিলে ধেমাজিৰ প্ৰকৃতি প্ৰেমী দুৰ্লভ বাইলুঙে ৷

প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰিলে ৰোগাক্ৰান্ত বৰটোকোলা
প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰিলে ৰোগাক্ৰান্ত বৰটোকোলা

ধেমাজি,3 ফেব্ৰুৱাৰী: ধেমাজিৰ এগৰাকী প্ৰকৃতি প্ৰেমীৰ প্ৰশংসনীয় পদক্ষেপ ৷ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস,ছাল,দাঁত,নখ,হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে ধেমাজিৰ দুৰ্লভ বাইলুঙে দেখুৱাইছে আন এক ছবি ৷ ধেমাজিৰ মৌমাৰী জলাশয়ত মূমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা এটা বৰটোকোলাক চিকিৎসা প্ৰদান কৰি নিজ ঘৰতে ৰাখি সম্পূৰ্ণ সুস্থ কৰি তুলিলে প্ৰকৃতি প্ৰেমীজনে ৷

সাতদিন ধৰি আদৰ যতন কৰি দুৰ্লভ বাইলুং নামৰ প্ৰকৃতি প্ৰেমীজনে পৰিচৰ্যা কৰিলে বৰটোকোলাটোক ৷ চিকিৎসকৰ পৰামৰ্শমতে দুস্পাপ্য প্ৰজাতিৰ ৰোগাক্ৰান্ত বৰটোকোলাক উদ্ধাৰ কৰি ঔষধ,আহাৰ-পানী যোগান ধৰি আহিছিল ৷ ক্ৰমান্বয়ে সুস্থ হ'বলৈ আৰম্ভ কৰা বৰটোকোলাটো উৰিব পৰা হ'লেই পুনৰ জলাশয়ত এৰি দিব বুলি জনাইছে প্ৰকৃতি প্ৰেমীজনে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সভাত বিৰিয়ানী খাই বিষক্ৰিয়া ডিফুৰ শতাধিক লোকৰ

Last Updated : Feb 3, 2021, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.