মুৰ্কংচেলেক, 29 ডিচেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ মূৰ্কংচেলেক ৰে'ল আস্থানত উদ্বোধন কৰা হয় তিনিখনকৈ জনমুখী আঁচনিৰ ৷ দেওবাৰে উক্ত আঁচনিসমূহ উদ্বোধন কৰে মালিগাঁও মাণ্ডলিক ৰে’লৱে কাৰ্যালয়ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে ৷ এখন বিশেষ ৰে’লেৰে মুৰ্কংচেলেকত উপস্থিত হয় ৰে’লৱে মহাপ্ৰৱন্ধক গৰাকী ৷ তাৰ পৰা তেখেতক মিচিং কৃষ্টি দলে আদৰণি জনায় ৷ মালিগাঁও মাণ্ডলিক মহাপ্ৰৱন্ধক গৰাকীয়ে ৰে’ল বিভাগে নিৰ্মান কৰা গেংমেন কাৰ্যালয়, জিৰণি গৃহৰ লগতে ৰে’ল আস্থানৰ সমীপৰ শিশু উদ্যানখনৰো শুভ উদ্বোধন কৰে ৷
![Murkongselek railway station project inauguration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5532996_m.jpg)
![Murkongselek railway station project inauguration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5532996_m_2.jpg)
আনহাতে, ৰে’ল বিভাগে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা বিষয়ৰ সমাধান বিচাৰি মুৰ্কংচেলেক ভূমি সুৰক্ষা সমিতিৰ তৰফৰ পৰা মাণ্ডলিক মহাপ্ৰৱন্ধক গৰাকীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷ বিষয়টো সম্পৰ্কত ৰে'ল কৰ্তৃপক্ষৰ মাজত আলোচনা চলি থকা বুলি মূৰ্কংচেলেক ভূমি সুৰক্ষা সমিতিৰ সভাপতি সূৰ্য্য বসুমতাৰী আৰু উপ সভাপতি হাফিজ চোহৰাবক জানিবলৈ দিয়ে শীৰ্ষ ৰে'ল বিষয়াগৰাকীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰে'ল বিভাগৰ ৰঙিয়া মাণ্ডলিক কাৰ্যালয়ৰ মহাপ্ৰবন্ধক ভি এ মালেঙ্গাকাৰ লগতে কেবাগৰাকী বিষয়া ৷
লগতে পঢ়ক-নতুন বৰ্ষত ৰূপসী বিমানবন্দৰৰ পৰা উৰাজাহাজ উৰিবঃ সৰ্বানন্দ সোণোৱাল