জোনাই, ২৬ ছেপ্টেম্বৰ : সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা সমিতিৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযোগত দেওবাৰে আবেলি জোনাই কাৰ পাৰ্কিং প্লেচৰ ঙাচাৰচুক বাকৰিত "জোনাইত কবিতাৰ জোনাক" শীৰ্ষক বহুভাষিক কবিতা পাঠ আৰু কবি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় (Kabi Sanmilan at Jonai) ।
মুৰ্কংচেলেক মহাবিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা এটি গীতেৰে আৰম্ভ হয় অনুষ্ঠানটো । কাব্যানুষ্ঠানখনত সভাপতিত্ব কৰে সদৌ অসম কবি সন্মিলনৰ জোনাই শাখাৰ সভাপতি তোষেশ্বৰ মিৰি আগৰৱালাই (multi langual Kabi Sanmilan by Assam Kabi Sanmilan) ।
সদৌ অসম কবি সন্মিলনৰ জোনাই শাখাৰ সম্পাদিকা প্ৰান্তিকা শৰ্মাই আঁত ধৰা কাব্যানুষ্ঠানত বিশিষ্ট কবি উৎপল দলে, ৰবি কুম্বাং, মাধৱ পাৱ, জয়কুমাৰ দলে, ডঃ সুখলতা ফুকন গগৈ, নবীন গগৈ, অঞক পাঞাং, অল্পনা দলে, ডঃ দীপক কুমাৰ দলে, বিজয় বৰি, অপেল দলে, অঞ্জনা টায়ুং শইকীয়া, পদ্ম পাংগিং, দীপ্তিৰাণী পেগু, জিণ্টিমা স্বৰ্গীয়াৰী, সঞ্জীৱ দেৱ ৰয়, তিলক মেধি, ৰিংকমণি বড়ো, ঝৰ্ণা দাস, মলয়া কুটুম, তোষেশ্বৰ আগৰৱালা, প্ৰান্তিক শৰ্মা, ব্লেচী কাশ্যপ, নৰ্দমা দলে, ৰবি কুম্বাং, ৰয়েল পেগু আদিয়ে বহুভাষিক কবিতা পাঠ অনুষ্ঠানত অসমীয়া, মিচিং, বড়ো, বাংলা, ইংৰাজী আৰু অৰুণাচলী আদি ভাষাৰ কবিতা পাঠ কৰে ।
ইপিনে জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট কবি মাধৱ পাৱ, ৰবি কুম্বাং আৰু উৎপল দলেক সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা আৰু জোনাই প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় (Kabi Sanmilan by Jonai Press Club) । তদুপৰি, 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ (Save Paba rain forest) তৰফৰ পৰা ছেপ্টেম্বৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত, বিশিষ্ট কবি তথা প্ৰকৃতিকৰ্মী উৎপল দলেক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।