ETV Bharat / state

Jonai BJP Office Bhumi Pujan: পূব জোনাই বিজেপি মণ্ডল কমিটীৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

author img

By

Published : Mar 9, 2023, 4:34 PM IST

পূব জোনাই বিজেপি মণ্ডল কমিটীৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন । অনুষ্ঠানত অংশগ্ৰহণ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ (MP Pradan Barua laid foundation stone of BJP office) ।

Jonai BJP Office Bhumi Pujan
Jonai BJP Office Bhumi Pujan
পূব জোনাই মণ্ডল বিজেপি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

জোনাই, ৮ মাৰ্চ : বুধবাৰে পূব জোনাই বিজেপি মণ্ডল কমিটীৰ কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠিত হয় (Bhumi pujan of BJP office at Jonai) । ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে (MP Pradan Barua at jonai BJP office bhumi pujan) ।

ইয়াৰ উপৰি এই আধাৰশিলা স্থাপন তথা ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্যা ৰূপা কামান, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্ত আৰু পূব জোনাই বিজেপি মণ্ডল সমিতিৰ সভাপতি আদিত্য বৰুৱাৰ লগতে স্থানীয় বিজেপিৰ বহু নেতা-কৰ্মী (Jonai MLA Bhuban Pegu) ।

আনহাতে, এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি সাংসদ প্ৰদান বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । বিশেষকৈ দুখীয়া আৰু বিধৱাসকলৰ কাৰণে চৰকাৰে আৱণ্টন দিয়া অৰুণোদয় আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ প্ৰদান বৰুৱাৰ । ইয়াৰ উপৰি মিছন বসুন্ধৰা 2.0 আঁচনিৰ (Mission Basundhara 2) জৰিয়তে জোনাইৰ জনজাতীয় খিলঞ্জীয়া সকলো ভূমিপুত্ৰ পৰিয়ালক‌ ৮ বিঘাৰ পৰিৱৰ্তে ৫০ বিঘা পৰ্যন্ত মাটিৰ ম্যাদীপট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ প্ৰদান বৰুৱাই ।

সেয়ে শীঘ্ৰে মিছন বসুন্ধৰা 2.0 আঁচনিৰ জৰিয়তে সকলো খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ ম্যাদীপট্টাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে । আনহাতে, জোনাই আদৰ্শ বিদ্যালয়ৰ প্ৰসংগ উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, আদৰ্শ বিদ্যালয়ৰ কিছু সমস্যাৰ উদ্ভৱ হৈছে । সেয়ে বিদ্যালয়ৰ অভিভাৱক, বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষকসকলৰ লগত আলোচনামৰ্মে সেই সমস্যা সমধানাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত হোৱা খেলিমেলিৰ অভিযোগ সন্দৰ্ভত সাংসদ প্ৰদান বৰুৱাই কয় যে, উপযুক্ত হিতাধিকাৰীক চৰকাৰী আঁচনি প্ৰদানৰ বাবে অসম তথা কেন্দ্ৰীয় চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Baghjan gas leakage: পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.