ETV Bharat / state

দিপ্তী হস্ত শিল্প মেলাত দৃষ্টি আকৰ্ষণ কৰিছে ত্ৰিপুৰী চাউলে

author img

By

Published : Nov 12, 2020, 9:10 AM IST

দিপ্তী হস্ত শিল্প মেলাত সমাদৰ লাভ কৰিছে ত্ৰিপুৰী চাউলে ৷ ধেমাজি জিলা প্ৰশাসন আৰু নাৰ্বাডৰ সৌজন্যত কাছাৰী ময়দানত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই দিপ্তী হস্ত শিল্প মেলা ৷ জৈৱিকভাৱে প্ৰস্তুত কৰা ধেমাজিৰ ত্ৰিপুৰী চাউলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

as_dmj_02_dhemaji_tripuri_rice_vis_as10021
দিপ্তী হস্ত শিল্প মেলাত দৃষ্টি আকৰ্ষণ কৰিছে ত্ৰিপুৰী চাউলে

ধেমাজি,12 নৱেম্বৰ: ধেমাজি জিলা প্ৰশাসন আৰু নাৰ্বাডৰ সৌজন্যত ধেমাজি কাছাৰী ময়দানত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দিপ্তী হস্ত শিল্প মেলা ৷ ধেমাজি জিলাৰ নিলখ তৰাণি পথাৰৰ বি এইচ এগো ফাৰ্মৰ মহিলা কৃষকৰ দ্বাৰা প্ৰদৰ্শন কৰা এক বিশেষ চাউলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ জৈৱিকভাৱে প্ৰস্তুত কৰা ধেমাজিৰ ত্ৰিপুৰী চাউলে বিশেষভাৱে সমাদৰ লাভ কৰিছে দিপ্তী হস্ত শিল্প মেলাত ৷

মহিলা কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঘৰৰ পথাৰত খেতি কৰি এই বিশেষ চাউলবিধ উৎপাদন কৰিছে । উন্নত মানৰ এই চাউলবিধ শিশুৰ বাবে অতি উপযোগী ৷ সেয়ে মানুহৰ সমাগম সেৰেঙা হ'লেও গ্ৰাহকে ত্ৰিপুৰী চাউল ক্ৰয় কৰিছে । সাম্প্ৰতিক সময়ৰ বিৰূপ পৰিস্থিতিৰ মাজতেই সমাদৃত হোৱা এই চাউলে কৃষক পৰিয়ালটো লৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।

লগতে পঢ়ক: বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.