ETV Bharat / state

জোনাইত বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা বিভিন্ন সংগঠনৰ

author img

By

Published : Oct 5, 2021, 9:21 AM IST

ধেমাজি কেবিনেটৰ সিদ্ধান্তই মূৰ্কংচেলেক জনজাতিৰ আবেষ্টনীত বসবাস কৰি অহা টাই-আহোম(Tai Ahom), চুতীয়া(Chutia), কোচ-ৰাজবংশী(Koch-Rajbongshi), গোৰ্খা(Gorkha)সকলৰ সত্তৰ বছৰীয়া ভূমি সমস্যাৰ ওৰ পেলাইছে ৷ 2011 চনৰ পূৰ্বৰ উপযুক্ত নথিৰ আধাৰত চাৰি জনগোষ্ঠীৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰিব ৷

mla-bhuban-pegu-felicitated
জোনাইত বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা

জোনাই, 5 অক্টোবৰ : ধেমাজিত 30 ছেপ্তেম্বৰত সম্পন্ন হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত মূৰ্কংচেলেক জনজাতিৰ আবেষ্টনীত টাই-আহোম(Tai Ahom), চুতীয়া(Chutia), কোচ-ৰাজবংশী(Koch-Rajbongshi) আৰু গোৰ্খা(Gorkha)সম্প্ৰদায়ক ভূমিৰ অধিকাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ইয়াৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে সোমবাৰে জোনাইৰ বিধায়ক ভূৱন পেগু(Bhuban Pegu)ক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় । অনুষ্ঠানত জোনাই মহকুমা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা শৰাই, চেলেং চাদৰ, গামোচা, মানপত্ৰৰে বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা জনোৱা হয় ।

mla-bhuban-pegu-felicitated
জোনাইত বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা

লগতে চেৰেণ চিমেন আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, ডেকাপাম আঞ্চলিক গোৰ্খা সন্মিলন, জোনাই জিলা কোচ-ৰাজবংশী সন্মিলনী, জোনাই জিলা চুতীয়া জাতি সন্মিলনী, নাৰী শক্তিৰ চিমেন চাপৰি গাওঁ পঞ্চায়ত সমিতি, ধেমাজি জিলা নাথ যোগী সন্মিলনী, চিমেন চাপৰি গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ টুটুমণি দত্তৰ উপৰিও বিভিন্নজনে সম্বৰ্ধনা জনায় বিধায়ক পেগুক ।

ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ভূৱন পেগুয়ে কয় যে, অসম চৰকাৰৰ ধেমাজি কেবিনেটে মূৰ্কংচেলেক জনজাতিৰ আবেষ্টনীত বসবাস কৰা টাই-আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দি ভূমিৰ অধিকাৰ প্ৰদানৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ই মূৰ্কংচেলেক জনজাতি আবেষ্টনীত বসবাস কৰা চাৰিটা সম্প্ৰদায়ৰ লোকৰ মাজত থকা 70 বছৰীয়া সমস্যাৰ ওৰ পেলালে ।

কিন্তু 2011 চনৰ পূৰ্বৰ উপযুক্ত নথিৰ আধাৰতহে মূৰ্কংচেলেক জনজাতিৰ আবেষ্টনীত উক্ত চাৰিটা সম্প্ৰদায়ৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি এই সিদ্ধান্ত কোনো এখন চৰকাৰে ল’ব নোৱাৰিলে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয় যে, এনে ঐতিহাসিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু(Ranoj Pegu), সাংসদ প্ৰদান বৰুৱা(Pradan Baruah)ৰ তৎপৰতাৰ বাবেই সম্ভৱ হৈছে ৷

গতিকে গোটেই প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ট্ৰাইবেল সংঘ, টিএমপিকে(TMPK), এমএমকে(MMK)ৰ উপৰিও কেইবাজনো জনজাতীয় নেতা, সমাজকৰ্মীৰ সৈতেও আলোচনা চলোৱা হৈছিল বুলি বক্তব্য দাঙি ধৰে বিধায়ক ভূৱন পেগুৱে । ইফালে অনুষ্ঠানত জোনাই ৰাজহ চক্ৰ বিষয়া মৃদুপৱন বৰুৱাই অংশগ্ৰহণ কৰি অসম চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা(Mission Basundhara) আঁচনি সম্পৰ্কে ৰাইজক বিশদভাৱে বুজাই দিয়ে ৷

তেওঁ কয় যে, 2 অক্টোবৰত মিছন বসুন্ধৰা আঁচনিৰ শুভাৰম্ভ হৈছে আৰু 30 নবেম্বৰলৈকে ৰাইজে ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ত আবেদন কৰিব পাৰিব ৷ এই আঁচনিৰ জৰিয়তে ৰাইজে ভূমি সমস্যাৰ জটিলতাসমূহ দূৰ কৰিব পাৰিব ৷

উক্ত সভাত উপস্থিত থাকে জোনাইৰ মহকুমা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক হীৰা গোহাঁই, সম্পাদক কুশল বৰগোঁহাই, উপ সভাপতি তোলন ফুকন, গুণকান্ত গগৈ, উপদেষ্টা জয়নাৰায়ণ উপাধ্যায়, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, জোনাই জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উপদেষ্টা চন্দ্ৰকান্ত ৰায়, জোনাই জিলা চুতীয়া জাতি সন্মিলনীৰ সভাপতি শ্যাম চুতীয়া, এমএচিৰ ইএম ভৱানী দুৱৰা, এমএচিৰ জিএম ববীকান্ত পেগু, টাই-আহোম উন্নয়ন পৰিষদৰ সদস্যা ৰাণু গগৈ, জোনাই ৰাজহ চক্ৰৰ কাননগু নৰেন বুঢ়াগোহাঁই আৰু ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সদস্য জিণ্টু মহন্ত ৷

লগতে পঢ়ক : হোজাইৰ কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত গুৰুগৃহ প্ৰতিষ্ঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.