ETV Bharat / state

Public protest at Sadiya : ৰাইজৰ প্ৰতিবাদত উত্তাল অমৰপুৰ পঞ্চায়ত

author img

By

Published : Mar 4, 2023, 8:17 PM IST

দিবাং নৈৰ গতিপথ সলনি কৰাৰ উদ্দেশ্যে চলোৱা খনন কাৰ্যক লৈ ক্ষোভিত ৰাইজ । অমৰপুৰত কেইবাখনো ৰাইজৰ প্ৰতিবাদ (Public protest in Sadiya)। মিচিং সংগঠনসমূহৰ তীব্ৰ হুংকাৰ চৰকাৰক ।

Public protest at Sadiya
ৰাইজৰ প্ৰতিবাদত উত্তাল অমৰপুৰ পঞ্চায়ত
ৰাইজৰ প্ৰতিবাদত উত্তাল অমৰপুৰ পঞ্চায়ত

জোনাই, ৪ মাৰ্চ : প্ৰতিবছৰে ধেমাজি, তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে (Flood effects Assam)। শদিয়া মহকুমাৰ অন্তৰ্গত বৃহত্তৰ অমৰপুৰ পঞ্চায়তৰ প্ৰায় ১৫ খন গাঁৱক প্ৰতি বছৰে দিবাং আৰু দতুং নদীৰ বান খহনীয়াই ক্ষতিগ্ৰস্ত কৰি আহিছে । কিন্তু আজি পৰ্যন্ত অসম চৰকাৰ তথা জলসম্পদ বিভাগে বান-খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । তাৰ বিপৰীতে প্ৰায় ৯২ কোটিটকীয়া আঁচনিৰে দিবাং নদীৰ নিমঘাটত নদীৰ গতিপথ সলনিৰ উদ্দেশ্যে খনন কাৰ্যহে আৰম্ভ কৰিছে (Excavation to change the course of river)।

চৰকাৰৰ এনে কাৰ্যক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে শনিবাৰে টিএমপিকে (TMPK), এমএমকে (MMK) আৰু টিএমএমকে (TMMK) সংগঠনৰ শদিয়া জিলা সমিতিৰ উদ্যোগত আৰু অমৰপুৰবাসীৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Missing organization protest)। দিবাং নদীৰ গতিপথ সলনি কৰি জলসম্পদ বিভাগে অমৰপুৰবাসীক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্ধে নৈৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে শতাধিক লোকে ৷

অমৰপুৰ অঞ্চলক ধ্বংস কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আঁচনি বন্ধ কৰাৰ দাবীত অঞ্চলটোৰ পুৰুষ-মহিলা ওলাই আহি পুৱাই নিমঘাটত বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে ।

জানিব পৰা মতে দিবাং নদীৰ দক্ষিণ দিশে অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা বনৰীয়া জীৱ-জন্তু আদিৰ নিৰাপত্তাৰ বাবে জলসম্পদ বিভাগে দিবাং নদীৰ পাৰত জিঅ' বেগেৰে শক্তিশালী মথাউৰি নিৰ্মাণ কৰিছে । কিন্তু উত্তৰ পাৰৰ বৃহত্তৰ অমৰপুৰত কোনোধৰণৰ বান-খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । ইয়াৰ বিপৰীতে নিমঘাটৰ নামনি অমৰপুৰলৈ দিবাং নদীৰ গতিপথ সলনি কৰাৰ লক্ষ্যৰে জলসম্পদ বিভাগে খনন কাৰ্যহে ৰূপায়ণ কৰিছে (Public protest in Sadiya)।

এই খনন কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা তীব্ৰ আন্দোলনৰো হুংকাৰ দিছে মিচিং জাতীয় সংগঠনসমূহে ৷ ইফালে প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী সম্বলিত এক স্মাৰকপত্ৰও শদিয়াৰ মহকুমাধিপতিক প্ৰদান কৰে ৷

লগতে পঢ়ক :Bike rally at BTR: পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে BTRত পৰ্যটন ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.