ETV Bharat / state

Mising Language Day 2023: জোনাইৰ বিভিন্ন স্থানত 39 সংখ্যক মিচিং ভাষা দিৱস পালন - Mising Language Day Celebration in Dhemaji

আজি 39 সংখ্যক মিচিং ভাষা দিৱস ৷ জোনাইৰ বিভিন্ন অঞ্চলত পালন কৰা হয় মিচিং ভাষা দিৱস ৷ মিচিং ভাষাক মাধ্যম হিচাপে মৰ্যদা দিয়াৰ দাবী মিচিং জাতীয় সংগঠনৰ ৷

Mising Language Day 2023
আজি 39 সংখ্যক মিচিং ভাষা দিৱস
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:24 PM IST

আজি 39 সংখ্যক মিচিং ভাষা দিৱস

জোনাই,৩০ অক্টোবৰ : আজি 39 সংখ্যক মিচিং ভাষা দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলতো সোমবাৰে মিচিং ভাষা দিৱস পালন কৰা হয় । মিচিং আগম কৌবাঙ চমুকৈ এম এ কেৰ উদ্যোগত জোনাইৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী ৷ মিচিং ভাষা দিৱস উপলক্ষে চিলাসূঁতি সোমবাৰে পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলনেৰে আৰম্ভ হয় বিভিন্ন অনুষ্ঠান ৷ মিচিং আগম কৌবাঙৰ চিলাসূঁতি আঞ্চলিক সমিতিৰ সভাপতি যোগেন ইয়েইনৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন আলোচনা সভা ।

সভাত মিচিং আগম কৌবাঙৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য ফনীধৰ দ্বাৰিকে কয়, 1972 চনত গঠন হোৱা মিচিং আগম কৌবাঙে জন্মলগ্নৰে পৰাই মিচিং ভাষাক মাধ্যম হিচাপে স্বীকৃতি দিবলৈ দাবী জনাই আহিছে । অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত 1985 চনৰ 30 অক্টোবৰ তাৰিখে পৰীক্ষামূলকভাৱে মিচিং ভাষাৰ পাঠদান দিবলৈ 100 গৰাকী মিচিং ভাষা শিক্ষকক নিযুক্তি দি পঞ্চম শ্ৰেণীলৈকে বিষয় হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ।

বৰ্তমান ৰাজ্যখনত মুঠ 230 গৰাকী মিচিং ভাষা শিক্ষকৰ দ্বাৰা মিচিং ভাষাৰ পাঠদান চলাই আছে । কিন্তু মিচিং আগম কৌবাঙৰ লগতে মিচিং জাতীয় সংগঠনসমূহে মিচিং ভাষাক মাধ্যম হিচাপে মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত চৰকাৰে কোনো যাৱতীয় ব্যৱস্থা হাতত লোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে দ্বাৰিকে।

ইপিনে মিচিং আগম কৌবাঙৰ তেলাম আঞ্চলিক সমিতিয়ে তেলাম মিচিং কৃষ্টি ভৱনত পালন কৰে মিচিং ভাষা দিৱস ৷ পতাকা উত্তোলনেৰে পুৱাৰ পৰা আৰম্ভ হয় বিভিন্ন কৰ্যসূচী ৷ মিচিং আগম কৌবাঙৰ তেলাম আঞ্চলিক সমিতিৰ সভাপতি লংকেশ্বৰ পেগুৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

আনহাতে জোনাই টাৰি ৰুদেং আঞ্চলিকতো পালন কৰা হয় মিচিং ভাষা দিৱস ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি জেষ্ঠ সাংবাদিক ৰয়েল পেগু ৷ ভাষণ প্ৰসংগত পেগুৱে মিচিং ভাষাৰ উন্নয়নৰ দিশটো আলোচনা কৰি মিচিং ভাষাক মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:NHPC Big Dam Impact : বৃহৎ নদীবান্ধৰ বিভীষিকাৰ প্ৰসংগত 1950ৰ কথা সুঁৱৰিলে জ্যেষ্ঠ সাংবাদিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.