ETV Bharat / state

ধেমাজিত বন্যাৰ্তৰ খবৰ ল’লে মন্ত্ৰী সঞ্জয় কিষাণে

ধেমাজিত বানৰ তাণ্ডৱ ৷ লক্ষীপথাৰ আৰু বৰুৱা লালুং গাঁৱৰ প্ৰায় ৩৫৮ টা পৰিয়াল বৰাজান আৰু ৰাই নদীৰ বানৰ কবলত পৰিছে ৷ বন্যাৰ্তৰ খবৰ ল’বলৈ আশ্ৰয় শিবিৰত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ ৷

minister sanjay kishan night visit flood camp at dhemaji
ধেমাজিত নিশা বন্যাৰ্তৰ আশ্ৰয় শিবিৰত অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ
author img

By

Published : Aug 18, 2021, 12:57 PM IST

ধেমাজি, 18 আগষ্ট : ধেমাজিত সংহাৰী ৰূপ ধাৰণ কৰিছে বৰাজান আৰু ৰাই নদীৰ বানে ৷ বৰাজান আৰু ৰাই নদীৰ বানৰ কবলত পৰা ধেমাজিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষীপথাৰ আৰু বৰুৱা লালুং গাঁৱৰ বানাক্ৰান্তই সম্প্ৰতি বৰুৱা ব্ল’ক হাইস্কুলত স্থাপন কৰা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে ৷ বানাক্ৰান্তসকলৰ খবৰ ল’বলৈ মঙলবাৰে নিশা বৰুৱা ব্লক হাইস্কুলত উপস্থিত হয় ধেমাজি জিলা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ ৷

ধেমাজিত নিশা বন্যাৰ্তৰ আশ্ৰয় শিবিৰত অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ

ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে ৷ বান শিবিৰৰ প্ৰতিটো কোঠাত প্ৰৱেশ কৰি বানাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি চৰকাৰী সকলো সাহায্য প্ৰদানৰ আশ্বাস দিয়ে ৷

minister sanjay kishan night visit flood camp at dhemaji
ধেমাজিত নিশা বন্যাৰ্তৰ আশ্ৰয় শিবিৰত অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ

বৰ্তমান বানত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ প্ৰায় ৩৫৮ টা পৰিয়ালে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ মঙলবাৰে নিশা ধেমাজি আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছত পোনে পোনে মন্ত্ৰীগৰাকীয়ে বান শিবিৰ পৰিদৰ্শন কৰিবলৈ যায় ৷ নিশাটো আবৰ্ত ভৱনত কটাই বুধবাৰে পুনৰ ধেমাজিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চললৈ গৈ পৰিস্থিতিৰ লয় মন্ত্ৰী সঞ্জয় কিষাণে ৷

লগতে পঢ়ক : ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ : প্লাৱিত হৈছে 20খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.