ETV Bharat / state

New Medical College in Assam: নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কেশৱ মহন্তৰ - Fortnight for government development at Dhemaji

তিনি বছৰ হোৱাৰ পূৰ্বেই ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হোৱা বুলি মন্তব্য় কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta)। নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় পৰিদৰ্শন কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

Dhemaji Medical College Hospital
নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কেশৱ মহন্ত
author img

By

Published : Mar 9, 2023, 12:52 PM IST

নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কেশৱ মহন্ত

ধেমাজি, ৯ মাৰ্চ: ধেমাজিত নিৰ্মীয়মাণ ধেমাজি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খন পৰিদৰ্শন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Dhemaji Medical College Hospital)। জিলাখনৰ খুবলীয়া হিলৈদাৰী গাঁৱত নিৰ্মীয়মাণ অৱস্থাত থকা 430 খন বিচনাযুক্ত আৰু 100 খন আসনযুক্ত ধেমাজি চিকিৎসা মহাবিদ্যালয়খন বুধবাৰে আবেলি পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ নিৰ্মাণ সংস্থাৰ বিষয়াসকলৰ সৈতে মিলিত হৈ অগ্ৰগতি সম্পৰ্কে বুজ লয় (DMCH visited Minister Keshab Mahanta)।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই খোজকাঢ়ি সমগ্ৰ নিৰ্মাণথলী ঘূৰি পৰ্যবেক্ষণ কৰে (Dhemaji Medical College Hospital under construction) ৷ উল্লেখ্য় যে ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ ৱালকে ধৰি প্ৰাৰম্ভিক কাম কাজ সম্পূৰ্ণ হৈছে । ইয়াৰ লগে লগে মূল ভৱনটোৰ কাম আৰম্ভ হ'ব ৷ ইয়াৰ পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই তিনি বছৰ হোৱাৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয়খনৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰে ৷

স্বাস্থ্য মন্ত্ৰী গৰাকীৰ চিকিৎসা মহাবিদ্যালয়খনৰ পৰিদৰ্শন কালত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ,জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজি নগৰ উন্নয়ন পৰিকল্পনা বিভাগৰ অধ্যক্ষ তুলন কোঁৱৰকে আদি কৰি সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে ৷ উল্লেখ্য যে ২০২২ চনৰ ২৩ ডিচেম্বৰত ধেমাজি কাছাৰী ময়দানত আয়োজিত চৰকাৰৰ বিকাশ বাবে এটা পষেক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনিৰ প্ৰকল্পৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰো শুভ উদ্ধোধন কৰাৰ লগতে শিলান্যাসো কৰিছিল (Fortnight for government development at Dhemaji)।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই অনুষ্ঠানতেই আনুষ্ঠানিকভাৱে শিলান্যাস কৰিছিল 6005.24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ (CM Himanta Biswa Sarma) ৷ ধেমাজি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য় অৰুণাচলৰো বহু লোক উপকৃত হ'ব পাৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:Assam eviction drive: ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশ বেদখকাৰীৰ কবলত; শীঘ্ৰেই চলিব উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.