ETV Bharat / state

Ashok Singhal at Dhemaji: কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই; অশোক সিংহল - অশোক সিংহল

কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই; কংগ্ৰেছ এতিয়া নাই বুলি মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷ কংগ্ৰেছৰ বাতৰি প্ৰকাশ কৰিলে টি আৰ পি নোহোৱা হ’ব বুলি সাংবাদিকক পৰামৰ্শ মন্ত্ৰী গৰাকীৰ (Ashok Singhal at Dhemaji) ৷

Ashok Singhal at Dhemaji
সাংবাদিকক পৰামৰ্শ মন্ত্ৰী অশোক সিংহলৰ
author img

By

Published : Apr 27, 2023, 12:20 PM IST

কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই-অশোক সিংহল

ধেমাজি, 27 এপ্ৰিল: কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই ৷ কংগ্ৰেছ এতিয়া নাই ৷ কংগ্ৰেছৰ বাতৰি প্ৰকাশ কৰিলে টি আৰ পি নোহোৱা হ’ব ৷ কংগ্ৰেছৰ নিউজ ওলালে মানুহে চেনেল সলনি কৰি দিব ৷ এই মন্তব্য মন্ত্ৰী অশোক সিংহালৰ ৷ কংগ্ৰেছৰ বিধায়ক ৰাণা গোস্বামীয় সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিলে ৰাজ্যৰ মন্ত্ৰী অশোক সিংহালে (Minister Ashok Singhal Slams Congress) ৷

এজন কৃষকৰ মনৰ বেদনা জানিলে মনটো বেছি ভাল লাগে, কংগ্ৰেছৰ নেতাই কিবা কৈছে তাত একো ভেল্যু নাই ৷ কাৰণ ভাল কথা তেওঁলোকে কোনোদিন নকয় ৷ গতিকে বেয়া কথা শুনি মন বেয়া কিয় কৰিম বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ শুনিব লগা হ’লে ভাল কথা শুনিম; গুৰুজনৰ নাম প্ৰসংগ শুনিম বুলিও মন্তব্য কৰে তেওঁ ৷ লগতে কংগ্ৰেছক এতিয়া টিভিত জীয়াই ৰাখি লাভ নাই, কংগ্ৰেছৰ বাতৰি প্ৰকাশ কৰিলে টি আৰ পি নোহোৱা হ’ব বুলি সাংবাদিকক পৰামৰ্শ দিলে মন্ত্ৰীগৰাকীয়ে (Ashok Singhal at Dhemaji) ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজি আৰু জোনাই ভ্ৰমণ কৰি জিলাখনৰ দুয়োটা মহকুমাতে জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ ক্ষেত্ৰ পৰ্যায়ত পৰিদৰ্শন কৰাৰ লগতে সেইবোৰৰ শেহতীয়া স্থিতিৰ বুজ লয় ৷ বুধবাৰে পুৱা জোনাইত উপস্থিত হোৱাৰ পাচতে তেওঁ জলসিঞ্চন আঁচনিৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ উদেশ্যেৰে জোনাইৰ সমীপৱৰ্তী অসম-অৰুণাচল সীমান্তৰ ওৱেন ঘাটত চিলে নদীৰ দলঙৰ পৰা নদীখনৰ অৱবাহিকা পৰিদৰ্শন কৰে ৷ ইয়াৰ পিচতে তেওঁ জোনাই সমষ্টিৰ অন্তৰ্গত মেনজাক নলা আৰু ছিমেন নদী পৰিদৰ্শন কৰি অঞ্চলটোত জলসিঞ্চন আঁচনি ৰূপায়ণৰ সম্ভাৱনাৰ ওপৰত পৰ্যৱেক্ষণ কৰে (Minister Ashok Singhal) ৷

বিয়লি ধেমাজি জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে ৷ সভাকক্ষত প্ৰথমে জিলাখনৰ জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে আৰু পিচত ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ বিষয়-ববীয়াসকলৰ সৈতে দুখন সুকীয়া বৈঠকত মিলিত হৈ জলসিঞ্চন বিভাগ আৰু পৌৰসভা দুখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে ৷

পৌৰসভা দুখনৰ অধীনৰ এলেকাসমূহত উপযুক্ত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰকৰ সংগ্ৰহ আদিৰ সু-ব্যৱস্থাৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ৷ নগৰবাসীয়ে যাতে জাবৰসমূহ নলা-নৰ্দমাত পেলাই বাৰিষাৰ সময়ত যাতে পানী যোৱাত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে পৌৰসভাই ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি জাৱৰসমূহ নিৰ্দিষ্ট ঠাইত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব বুলি কোৱাৰ লগতে জিলাখনত জলসিঞ্চনৰ বাবে এখন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকী এই ভ্ৰমণকালত সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷

লগতে পঢ়ক: Family of Amritpal Singh in Dibrugarh : খালিস্তানী কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পৰিয়ালৰ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.