জোনাই, 16 অক্টোবৰ : ধেমাজি জিলাৰ জোনাই মহকুমাত গান্ধী জয়ন্তী উপলক্ষে 2 অক্টোবৰ পৰা 23 অক্টোবৰলৈ অসংক্ৰামক ৰোগৰ বিশেষ পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে ৷ জোনাই মহকুমাৰ ডেকাপম,টেলাম,বলাইপাম,বিজয়পুৰ আৰু জোনাই সদৰৰ দুটা স্থানত বিশেষ অসক্ৰামক ৰোগৰ পৰীক্ষা কেন্দ্ৰত জোনাই মহকুমাটোৰ স্বাস্থ্যকৰ্মী,আশাকৰ্মী,অংগনবাদী কৰ্মী সকলৰ অসক্ৰামক ৰোগৰ লগতে কৰ'ণা পৰীক্ষা কৰা হয় ৷
এই বিশেষ পৰীক্ষাত ডাইবেটিচ,উচ্চ ৰক্তচাপ,স্তন কেন্সাৰ,মুখৰ কেন্সাৰ,জৰায়ু কেন্সাৰৰ 5 বিধ বেমাৰৰ লগতে কৰ'ণা পৰীক্ষা কৰা হৈছে ৷ জোনাই মহকুমাটোৰ 6 টা বিশেষ অসক্ৰামক ৰোগৰ পৰীক্ষা কেন্দ্ৰত বৰ্তমানলৈ 1220 জনৰ পৰীক্ষা সম্পন্ন আৰু মহকুমাটোত প্ৰায় 2000 জনৰ বিশেষ অসংক্ৰামক পৰীক্ষা কৰা হ'ব বুলি জোনাই মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিব দিয়ে ৷
লগতে পঢ়ক : কলিয়াবৰত ৰাজ্যিক যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা