ETV Bharat / state

লালী নৈৰ গৰাখহনীয়াত ত্ৰস্তমান নৈপৰীয়া

বৰঙত লালী নদীৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো নৈপৰীয়া কৃষিজীৱী গাঁৱলৈ (Lali river erosion bring threat) ৷ লাইমেকুৰী গাঁও পঞ্চায়তৰ সভাপতিৰ চজমিন তদন্ত ৷

author img

By

Published : Sep 6, 2022, 9:41 PM IST

Lali river erosion bring threat
Lali river erosion bring threat

জোনাই, 6 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অধীনৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ বৰং অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে লালী নদীৰ গৰাখহনীয়াই (Lali river erosion in Jonai) । বৰং অঞ্চলৰ ২ নং পিপ'লগুৰি গাঁৱত অব্যাহত আছে লালী নদীৰ খহনীয়া । নদীখনে পূৰ্বৰ পকী পাৰ্কুপাইন স্থাপন কৰা অংশৰ পৰা ডেৰশ মিটাৰ অতিক্ৰম কৰি পিপ'লগুৰি গাঁৱৰ দিশলৈ গতি কৰিছে (Erosion of lali river in Jonai) ।

লালী নৈৰ গৰাখহনীয়াত ত্ৰস্তমান নৈপৰীয়া

কেইবাদিন ধৰি নদীখনৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত গালিঘাক কৰ্ণপুৰ সংযোগী লালী নদীৰ বান্ধলৈ ভাবুকি আহি পৰিছে ৷ বান্ধৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰ মান দূৰত অৱস্থান কৰিছে নৈৰ খহনীয়াই (Massive river bank erosion) । মঙলবাৰে লাইমেকুৰী গাঁও পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলি, জোনাই জিলা ট্ৰাইবেল য়ুথ লীগৰ সভাপতি পংকজ টায়ে আৰু স্থানীয় ৰাইজৰ এটা সঁজাতি দলে ২ নং পিপ'লগুৰি গাঁওবাসীলৈ ভাবুকি কঢ়িয়াই অনা লালী নদীৰ ভয়াৱহ বান-খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰে ।

সভাপতি গৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অৱগত কৰি সমাধানৰ আশ্বাস প্ৰদান কৰে ।

কেৱল জোনাইতেই নহয় ৰাজ্যৰ আন কেইবাটাও স্থানত অব্যাহত আছে খহনীয়া (River bank erosion in Assam)৷ কলগাছিয়াত বেঁকী নদীয়ে, কলিয়াবৰৰ বৰঘূলিত ব্ৰহ্মপুত্ৰই, আমগুৰিৰ হাতীমুৰীয়াত জাঁজী নৈয়ে, আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই বিপদ মতা পৰিলক্ষিত হৈছে ৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে বিভিন্ন খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে বিভাগক ৷

লগতে পঢ়ক: Jonai embankment scam : এজাক বৰষুণতে খহিল কোটি টকীয়া নিৰ্মীয়মান মথাউৰি

খহনীয়া ৰোধ সম্পৰ্কে আলোচনা কৰিবৰ বাবে ইতিমধ্যে কৰ্মশালাও আয়োজন কৰিছে পীযুষ হাজৰিকাই ৷ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাত (Pijush Hazarika attends two day workshop) যোৱা দেওবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি থকা সকলো কাম-কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

এই আলোচনাতে ৰাজ্যখনৰ বান আৰু খহনীয়া ৰোধৰ বাবে চলাই থকা কাৰিকৰী কৌশলসমূহৰ ওপৰত আলোচনা কৰি এনে কৌশলসমূহ নতুন উদ্ভাৱনী প্ৰযুক্তিৰ সহায়ত নতুন ৰূপ দিব পৰা যায় নেকি সেয়া বিচাৰ কৰি চোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (New Techniques for Flood Control in Assam)।

জলসম্পদ বিভাগৰ অভিজ্ঞতা সম্পন্ন অভিযন্তাৰ অভিজ্ঞতা আৰু নতুন অভিযন্তাসকলৰ নতুন কৌশলৰ জ্ঞান দুয়োটাকে একেলগ কৰি বিভাগীয় কৌশলসমূহ উন্নত কৰাৰ বিষয়ে দুদিনীয়া কৰ্মশালাত আলোচনা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক: ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.