ETV Bharat / state

জোনাইত বিঘাই বিঘাই গেলিছে মাকৈ খেতি

ধেমাজি জিলাৰ মাকৈ খেতিয়ক সকলৰ মাজত হাহাকাৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত মাকৈৰ গজালি নষ্ট হোৱাত বৰ্তমান সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ সহায় বিচাৰিছে খেতিয়ক সকলে ৷

author img

By

Published : Aug 6, 2020, 9:41 PM IST

Maize and the plight of farmers
জোনাইত বিঘাই বিঘাই গেলিছে মাকৈ খেতি

জোনাই, 6 আগষ্ট : এফালে ক'ভিড-19 ৰ বাবে লক ডাউন আৰু আনফালে বানপানীয়ে ৰাজ্যৰ খেতিয়ক সকলৰ অবস্থা যথেষ্ট সংকটজনক কৰি তুলিছে ৷ ৰাজ্যৰ খেতিয়ক সকলৰ কৃষিভূমি বানপানীত জাহ গৈ সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে ৷ তেনে অৱস্থাত ধেমাজি জিলাৰ জোনাই মহকুমা বান, গৰাখহনীয়াৰ ফলত হাজাৰ-হাজাৰ বিঘা ধান খেতি বিধ্বস্ত হোৱাৰ পিচত পুনৰ শ শ বিঘা মাকৈ খেতি বৰষুণৰ ফলত বিধ্বস্ত হোৱাত হাহাকাৰ সৃষ্টি হৈছে জোনাইৰ খেতিয়কৰ মাজত ।

জোনাইত বিঘাই বিঘাই গেলিছে মাকৈ খেতি

কৃষি কৰ্মৰ জৰিয়তে জীয়াই থকা জোনাইৰ পুৰণা জেলেম অঞ্চলত বিগত ডেৰ মাহ ধৰি দি হৈ থকা বৰষুণৰ ফলত গোমধানৰ খেতি গছৰ ওপৰতে গজালি মেলি বিধ্বস্ত হোৱাত প্ৰতিজন খেতিয়কৰ লাখ লাখ টকা লোকচান হোৱাত এতিয়া অশনি বিপদ নামি আহিছে খেতিয়ক সকলৰ মাজত ৷ জানিব পৰা মতে, পুৰণা জেলম অঞ্চলত প্ৰায় অৰ্ধ-শতাধিক খেতিয়কে প্ৰতি বছৰৰ দৰে এই বছৰো বেংকৰ পৰা ঋণ লৈ গোমধান খেতি কৰিছিল কিন্তু নেৰানেপেৰা বৰষুণৰ ফলত 80 শতাংশ পকা গোমধান গছতে গজালি মেলি গেলিব ধৰাত খেতিয়ক ৰাইজৰ মাজত বৰ্তমান হাহাকাৰৰ সৃষ্টি হৈছে ৷

জোনাইত বিঘাই বিঘাই গেলিছে মাকৈ খেতি

ইফালে, বেংকৰ ঋণ আৰু আনৰ পৰা শতকৰা হাৰত ধন লৈ কৰা গোমধান খেতি এনেদৰে গেলি যোৱাত ঋণ পৰিশোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচাৰিছে জোনাইৰ খেতিয়ক সকলে ৷

লগতে পঢ়ক : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.