ETV Bharat / state

জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ লাইখুঁটা স্থাপন - Bathou Temple in Jonai

মঙলবাৰে জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ লাইখুঁটা স্থাপন কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ভূৱন পেগু ৷

Laying of Bathou Temples Pillar in Jonai
জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ লাইখুঁটা স্থাপন
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:30 AM IST

জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ লাইখুঁটা স্থাপন

জোনাই, 29 নৱেম্বৰ : বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ, বিধায়ক পুঁজি আৰু খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আৱন্টিত পুঁজিৰে নিৰ্মাণ হ'বলগীয়া জোনাই চিমেন আঞ্চলিক বাথৌ মন্দিৰৰ মঙলবাৰে লাইখুঁটা স্থাপন কৰে ৷ লাইখুঁটা স্থাপন কৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ।

উক্ত অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ভূৱন পেগু ৷ আনহাতে লাইখুঁটা স্থাপন কৰি বি কে ডব্লিউ এ চিৰ প্ৰধান বসুমতাৰীয়ে কয় যে, বড়োসকলৰ পুৰণি ধৰ্ম হৈছে বাথৌ ধৰ্ম । বাথৌ ধৰ্ম পালনৰ দ্বাৰা বড়োসকলৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি পৰিস্ফুট হয় ৷ এটা ধৰ্মীয় ৰীতি-নীতিৰ জৰিয়তে এখন সমাজ শৃংখলাৱদ্ধ হৈ থাকে ৷ লগতে এখন শক্তিশালী, ঐক্যবদ্ধ সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে বসুমতাৰীয়ে ৷

আনহাতে লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ভূৱন পেগুয়ে কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ ধৰ্মীয় বিশ্বাস, পৰম্পৰা, ৰীতি-নীতিসমূহৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি নামৰ বিভাগ খুলিছে ৷ ইয়াৰ জৰিয়তে খিলঞ্জীয়া জাতি-জনজাতিৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ উন্নয়নৰ বাবে পুঁজি আগবঢ়াই খিলঞ্জীয়া মানুহৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ বিকাশৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি পেগুৱে উল্লেখ কৰে ৷

আনহাতে লাইখুঁটা স্থাপনৰ অনুষ্ঠানত সদৌ বাথৌ মহাসভাৰ মহিলা সমিতিৰ সভানেত্ৰী চানচুলী বি বড়ো, সদৌ বাথৌ মহাসভাৰ যুৱ সমিতিৰ সভাপতি ৰাজেন বড়ো, সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ মহিলা সমিতিৰ সভানেত্ৰী হাংমাশ্ৰী দৈমাৰী, সাধাৰণ সম্পাদক সৰলা বসুমতাৰীসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : চিমেন চাপৰিৰ বালিগাঁৱত মুৰংঘৰ উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.