ETV Bharat / state

Rods recovered : জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ নিৰ্মীয়মান বিদ্যালয়ৰ ৰ’ড, উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ - corruption in Dhemaji

জোনাইত জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ কুইণ্টলে কুইণ্টলে ৰ’ড ৷ নিৰ্মীয়মান কেন্দ্ৰীয় বিদ্যালয়ৰ বুলি অভিযোগ স্থানীয় লোকৰ ৷ ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ ৷

large quantity of rods recovered from the jungle of Jonai
জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ ৰ’ড
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 1:38 PM IST

জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ ৰ’ড

জোনাই, 10 ছেপ্টেম্বৰ: জোনাইৰ পুৰণা জেলমস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ জংঘলত উদ্ধাৰ বৃহৎ পৰিমাণৰ ৰ’ড ৷ জংঘলত লুকাই ৰখা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰ’ডখিনি ৷ শনিবাৰে প্ৰায় 18 কুইণ্টল ৰ’ড উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ৷ অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, উক্ত লুকাই ৰখা ৰ’ডবোৰ জোনাইৰ পুৰণা জেলমত নিৰ্মীয়মান একলব্য কেন্দ্ৰীয় বিদ্যালয়ৰ ৷ উক্ত 18 কুইণ্টল ৰ’ড নিৰ্মীয়মান কেন্দ্ৰীয় বিদ্যালয়খনৰ পৰা কোনোবা লোকে চুৰি কৰি এনেদৰে জংঘলত লুকাই ৰাখি সুযোগ চাই বাহিৰত বিক্ৰীৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে নিৰ্মীয়মাণ একলব্য কেন্দ্ৰীয় বিদ্যালয়টোৰ পৰা ৰ’ড, চিমেন্ট আদি সামগ্ৰী বহু দিনৰ পৰা চুৰি হৈ আহিছে বুলি স্থানীয় লোকে জনায় ৷

উক্ত চুৰি কাৰ্যত জড়িত কেইবাজনকো স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিয়াত বহুজন ৰঙাঘৰৰ আলহী হ’ল বুলিও জানিব দিয়ে স্থানীয় লোকে ৷ কিন্তু ইমানৰ পিছতো নিৰ্মীয়মান একলব্য কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা কোনোবা লোকে ৰ’ড চুৰি কৰি এনেদৰে জংঘলত লুকাই ৰখা কাৰ্যই চিন্তিত কৰি তুলিছে স্থানীয় সচেতন মহলক ৷ কাৰণ অসম-অৰুণাচল সীমান্তত থকা জোনাইৰ পুৰণা জেলম অঞ্চলত চৰকাৰে স্থাপন কৰিবলগীয়া একলব্য কেন্দ্ৰীয় বিদ্যালয়খনক লৈ পিছপৰা অঞ্চলটোৰ ৰাইজে পুহি ৰাখিছে বহু সপোন ৷

কিন্তু এনেদৰে সঘনাই বিদ্যালয়খনৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীবোৰ চুৰি হৈ থকাত নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰাৰ বাবে চিন্তিত পৰিছে স্থানীয় ৰাইজ ৷ সেয়ে নিৰ্মীয়মান বিদ্যালয়খনত সঘনাই ৰ’ড-চিমেন্ট চুৰি হৈ থকা ঘটনা সন্দৰ্ভত উচিত তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ সৈতে জড়িত লোকক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Drama festival : 11 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব 14 সংখ্যক ব্রজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.