ETV Bharat / state

Lakshmi Puja 2023 : তিনিদিনীয়া কাৰ্যসূচীৰে চমকং বজাৰত 46 সংখ্যক লক্ষ্মী পূজা উদযাপন

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:14 PM IST

উদুলি-মুদুলি ঐতিহাসিক চমকং লক্ষ্মী পূজাস্থলী ৷ নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ৷ শনিবাৰৰ পৰা তিনিদিনীয়াকৈ চমকঙত ৪৬ সংখ্যক লক্ষ্মী পূজা আৰম্ভ ৷

Lakshmi Puja 2023
লক্ষ্মী পূজা উদযাপন
চমকং বজাৰত 46 সংখ্যক লক্ষ্মী পূজা উদযাপন

জোনাই, 28 অক্টোবৰ : বিগত বৰ্ষৰ দৰে এইবাৰো চমকং আঞ্চলিক লক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত শনিবাৰৰ পৰা 46 সংখ্যক চমকং লক্ষ্মী পূজা আৰম্ভ হৈছে ৷ তিনিদিনীয়াকৈ চমকং বজাৰত অনুষ্ঠিত কৰা লক্ষ্মী পূজাৰ অনুষ্ঠানত শনিবাৰে পুৱা 6.30 বজাত সামুহিক চাফাই, দুপৰীয়া 12 বজাত মুখ্যদ্বাৰ উদঘাটন কৰে চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্মই ৷ বিয়লি 4 বজাত পূজা মণ্ডপ উদ্ধোধন কৰে মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰহে ৷

বিয়লি 5.30 বজাত প্ৰতিমা স্থাপন কৰে টিএমপিকেৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি কান্দা টায়েঙে ৷ সন্ধিয়া 6 বজাত চমকং মাজগাঁও আই-মাতৃ সকলৰ দ্বাৰা আই নাম পৰিৱেশন কৰা হয় ৷ সন্ধিয়া 7 বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে ৷ সন্ধিয়া 8 বজাৰ পৰা লক্ষীমাই টায়েঙৰ নেতৃত্বত দলীয় নৃত্যৰ দ্বাৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ আৰম্ভ কৰা হ’ব ৷ শিক্ষক কমলাকান্ত পেগু আৰু মহেশ কাৰ্দঙে আঁতধৰা অনুষ্ঠানত হিন্দী আৰু অসমীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

ঐতিহাসিক চমকং লক্ষ্মী পূজাত ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, চিলাপথাৰ,বঙাইগাঁও আদি ঠাইৰ পৰা মিঠাই, খেলনা, মনোহাৰী, বিভিন্ন সু-স্বাদু খাদ্য, থলুৱা খাদ্য সম্ভাৰৰ শতাধিক হোটেল, বিপণিয়ে ভিৰ কৰিছে ৷ দ্বিতীয়তো দিন অৰ্থাৎ দেওবাৰে পুৱা 8 বজাত গছপুলি ৰোপণ কৰিব মিচিং আগম কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উপ-সভাপতি হেমকান্ত বৰিয়ে ৷ সন্ধিয়া 5.30 বজাত ভক্তিমূলক নৃত্য পৰিৱেশনৰ দ্বাৰা সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ হ’ব ৷ অনুষ্ঠানত মিচিং আৰু বড়ো আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

ইপিনে এপল' ইলেভেন যুৱ সংঘৰ উদ্যোগত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ সংঘৰ প্ৰাংগনত 23 সংখ্যক লক্ষ্মী পূজা আৰম্ভ হৈছে ৷ পুৱা সামুহিক চাফাইৰ পাছতে পুৱা 8.30 বজাত পতাকা উত্তোলন কৰে এপল' ইলেভেন যুৱ সংঘৰ সভাপতি কপিল দলেয়ে ৷ বিয়লি 2.30 বজাত প্ৰতিমা স্থাপনৰ পিছত বিয়লি 4 বজাত পূজা পাঠ কৰা হয় ৷

লগতে পঢ়ক : Lakshmi Puja 2023 : দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ বৰতলাত উদযাপন লক্ষ্মী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.