জোনাই, 9 আগষ্ট : ছমাহ কাল ধৰি নিৰুদ্দেশ হৈ থকা জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত 1 নং জামুগুৰী গাঁৱৰ এজন শিশু পঞ্জাৱৰ শিশু সৰবৰাহকাৰীৰ হাতত আৱদ্ধ হৈ থকা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । উল্লেখ্য যে,যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতে চিমেন চাপৰি থানাৰ অন্তৰ্গত ৰামধন দিখাৰীৰ 1 নং জামুগুৰী গাঁৱৰ প্ৰদীপ মুছাহাৰী পুত্ৰ চিমেন চাপৰি ইউ এন একাডেমিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ চুদেম মুছাহাৰীয়ে ছাত্ৰাবাসৰ পৰা পলাই যায় ।
নিৰুদ্দেশ হোৱা ছাত্ৰগৰাকী পঞ্জাৱৰ অমৃতসৰ জিলাৰ মেছা আৰক্ষী থানাৰ গৌমিয়া অঞ্চলৰ গাগৰপানা গাঁৱৰ যশপাল সিঙৰ ঘৰত কাম কৰা ল’ৰা হিচাপে নিয়োজিত হৈ আছিল বহু দিন । ক'ভিড-19 ৰ বাবে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱাত চুদেম মুছাহাৰীয়ে পঞ্জাৱৰ যশপাল সিঙৰ ঘৰৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ পিছত পূৰ্বৰ পৰাই মালিকক খবৰ লৈ অহা পৰিয়ালৰ লোকে পুত্ৰৰ খবৰ লওঁতে তিনি দিনৰ আগতে তেওঁৰ ঘৰৰ পৰা শিশু শ্ৰমিকগৰাকী গুচি যোৱা বুলি ফোনৰ যোগে জানিবলৈ দিয়ে ।
যোৱা জুলাই মাহৰ 8 তাৰিখে চুদেম মুছাহাৰীৰ ফোনৰ পৰা অজ্ঞাত লোকে পৰিয়ালক হিন্দী ভাষাতে জনাই যে চুদেম মুছাহাৰী আমাৰ লগত আছে আৰু ল’ৰাজনে টকা হৰলকি কৰিছে ল'ৰাটোক পাবলৈ দুই লাখ টকাৰ ধন দাবী কৰে পৰিয়ালক ।
এনে পৰিস্থিতিত মাজতে আৰভিচিৰ সম্পাদক ধৰ্মৰাজ কাৰ্কীক পৰিয়ালৰ লোকে বিষয়টো অৱগত কৰোৱাত আৰভিচিৰ সম্পাদকগৰাকীয়ে চেভ দা চিলড্ৰেনৰ অসম ৰাজ্যিক সমিতিৰ শিশু সুৰক্ষা বিষয়া কৃতাঞ্জলি কাশ্যপক ঘটনাটো জনায় । শিশু সুৰক্ষা বিষয়াগৰাকীয়ে গুৱাহাটীৰ পানবজাৰস্থিত অপৰাধ অনুসন্ধান শাখাৰ কৰ্তৃপক্ষক জ্ঞাত কৰে সমস্ত ঘটনা ।
ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাৰ এএছপি গীতাঞ্জলী দলেয়ে বিষয়টো তদন্ত আৰম্ভ কৰাৰ বাবে জোনাই মহকুমা আৰক্ষী আৰু চিমেন চাপৰি আৰক্ষীলৈ যোগাযোগ কৰিছে । আৰক্ষীৰ যোগাযোগৰ পৰিয়ালৰ লোকে দেওবাৰে চিমেন চাপৰি আৰক্ষী থানাত চুদেম মুছাহাৰীক শিশু সৰবৰাহকাৰীৰ কবলত পৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰিছে । পঞ্জাৱৰ শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা চুদেম মুছাহাৰীক উদ্ধাৰ কৰিবলৈ ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে আৰক্ষী, প্ৰশাসনক কাতৰ অনুৰোধ জনাইছে ।
লগতে চাওক-শিলাদিত্যক গৰিহণা দেৱব্ৰত শইকীয়াৰ