ETV Bharat / state

Orphaned dogs at Jonai : কুৰিৰো অধিক অনাথ প্ৰভুভক্তৰ ক্ষুধা নিবাৰণৰ প্ৰণ তোষেশ্বৰ-বিজিত-শেৱালিৰ

author img

By

Published : Jul 27, 2023, 5:29 PM IST

প্ৰকৃতিক ভাল পাবলৈ নালাগে নিৰ্দিষ্ট এটা দিন ৷ জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতি দয়াশীল হ’বলৈ নালাগে বিশেষ জীৱন ৷ লাগে মাথোঁ এটি সঁচা হৃদয় । লাগে হৃদয়ৰ প্ৰকৃত উপলব্ধি । তেনে এক কাহিনীৰে আজিৰ প্ৰতিবেদন ৷

Orphaned dogs at Jonai
প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন
প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন

জোনাই, 27 জুলাই : জোনাইত প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে এজন প্ৰকৃতি প্ৰেমীয়ে ৷ যোৱা প্ৰায় এমাহে অবিৰামে সেৱা আগবঢ়াই আহিছে কুৰিৰো অধিক প্ৰভুভক্ত অনাথ কুকুৰক এজন প্ৰকৃত প্ৰকৃতি প্ৰেমী ব্যক্তিয়ে ৷ নাম তোষেশ্বৰ মিৰি আগৰৱালা ৷ তোষেশ্বৰ মিৰি আগৰৱালা এজন বিষয় শিক্ষক যদিও বহু বছৰ পূৰ্বৰে পৰা প্ৰকৃতিৰ সৈতে আছে এওঁৰ এক নিবিড় সম্পৰ্ক ৷

উল্লেখ্য যে, যোৱা প্ৰায় এমাহ পূৰ্বে জোনাইৰ নদীদ্বীপ কবু চাপৰিৰ পৰা বন বিভাগে উচ্ছেদ কৰা পৰিয়ালসমূহে নদীদ্বীপৰ মাজত এৰি থৈ যোৱা প্ৰায় অৰ্ধ শতাধিক প্ৰভুভক্ত কুকুৰক নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাই উদ্ধাৰ কৰি আনিছিল ৷

তিনিমাইল বিটৰ সমীপত শিবিৰ পাতি ৰখা ভোকাতুৰ কুকুৰবোৰক প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালৰ লগতে তেওঁৰ সহযোগী বিজিত বৰা, জোনাই মহকুমা প্ৰশাসন তথা বিভিন্ন দল-সংগঠন, এন জি অ’, প্ৰকৃতিপ্ৰেমী আদি ৰাইজে কেবাদিনো যোগান ধৰিছিল চাউল, দালি, বিস্কুট ইত্যাদি ৷

কিন্তু এতিয়া ক্ৰমে সকলোবোৰ স্থবিৰ হৈ ৰ’ল যদিও তোষেশ্বৰ আগৰৱালৰ লগতে প্ৰকৃতিক ভাল পোৱা জোনাইৰ যুৱ ব্যৱসায়ী বিজিত বৰা, তিনিমাইল বিটত সৰুকৈ এখন দোকান দি থকা প্ৰকৃতি প্ৰেমী মহিলা শেৱালি ৰেগন আৰু তেওঁৰ স্বামীয়ে বিগত প্ৰায় এমাহে অবিৰামে অনাথ প্ৰভুভক্ত কুকুৰবোৰক দৈনিক দুবাৰকৈ যোগান দি আহিছে খাদ্য ৷

অকল খাদ্য যোগানেই নহয়, প্ৰকৃতিপ্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাই নিজৰ পকেটৰ ধনেৰে অসুস্থ হৈ পৰা কুকুৰবোৰক সুদূৰ অৰুণাচলৰ পাচিঘাটত লৈ গৈ চিকিৎসা প্ৰদান কৰি দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন ৷ ফলত প্ৰকৃতিপ্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালা আৰু প্ৰভুভক্ত কুকুৰবোৰৰ মাজত গঢ়ি উঠিছে বুজাব নোৱাৰা এক নিবিড় সম্পৰ্ক ৷

অৱশ্যে কুকুৰবোৰৰ বাবে মাজে সময়ে প্ৰকৃতি প্ৰেমী একাংশ লোকে খাদ্য সামগ্ৰীকে ধৰি ঔষধ পাতিৰ বাবে আগবঢ়াই আহিছে বৰঙণি ৷ সেয়ে অনাথ কুকুৰবোৰ যেতিয়ালৈ সুস্থ অৱস্থালৈ ঘূৰি নাহে আৰু স্থায়ী সংস্থাপন নহয়, তেতিয়ালৈ প্ৰশাসন তথা প্ৰকৃতি প্ৰেমী ৰাইজৰ পৰা কুকুৰবোৰক পোহপাল আৰু চিকিৎসাৰ বাবে সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালা আৰু বিজিত বৰাই ৷

লগতে পঢ়ক : Sivasagar Lachit Park : ৰংপুৰত এলাগী চৰকাৰে বিশ্বত জিলিকাব খোজা বীৰ লাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.