ETV Bharat / state

জোনাইত ঘৰুৱা সামগ্ৰীৰে যুৱকে নিৰ্মাণ কৰি উলিয়ালে দমকল

author img

By

Published : Sep 27, 2020, 2:18 PM IST

ধেমাজিৰ যুৱকে ব্যতিক্ৰমীৰূপে নিৰ্মাণ কৰি উলিয়াইছে দমকল ৷ বাঁহ,কাঠ আৰু প্লাষ্টিকৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে দমকলটো ৷

Jonai Youth Make By Small Water Pump
জোনাইত ঘৰুৱা সামগ্ৰীৰে যুৱকে নিৰ্মাণ কৰি উলিয়ালে দমকল

জোনাই, 27 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই বজাৰ পঞ্চায়তৰ 3 নং মুৰ্কংচেলেক হাতীজান বালাবাৰী গাঁৱৰ বলৰাম বসুমতাৰী নামৰ যুৱকজনে ব্যতিক্ৰমী প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়াইছে এটা দমকল । বাঁহ,কাঠ আৰু প্লাষ্টিকৰ সহায়ত যুৱকজনে নিৰ্মাণ কৰি উলিয়াইছে দমকলটো ৷ কোনো ধৰণৰ কাৰিকৰী জ্ঞান নথকা যুৱকজনে নিজৰ চিন্তাৰে নিৰ্মাণ কৰি উলিয়াইছে এই দমকলটো ৷

অতি সহজে আৰু কম খৰচতে নিৰ্মাণ কৰি উলিওৱা এই দমকলটো সাধাৰনতে ব্যৱহাৰ কৰা লোহাৰ দমকলতকৈ বহু পৰিমাণে উপযোগী ৷ বিগত 2 বছৰ ধৰি এই দমকলটো যুৱকজনে ব্যৱহাৰ কৰি আহিছে বুলি জানিব দিয়ে ৷

চৰকাৰী কোনো ধৰণৰ আচঁনিয়ে ঢুকি নোপোৱা 3 নং মুৰ্কংচেলেকৰ হাতীজান বালাবাৰী গাঁৱখনত যুৱকজনে খোৱাপানীৰ অসুবিধা অনুভৱ কৰি এক ব্যতিক্ৰমী চিন্তাৰে নিজৰ ঘৰৰ বাবে তৈয়াৰ কৰিছে দমকলটো ৷

উল্লেখ্য যে, যুকজনৰ এনে ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা দমকলটো গাঁৱলীয়া সমাজৰ বাবে বহু উপযোগী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : পৰ্যটন বিভাগে ঘোষণা কৰিলে তিনিখন নতুন আঁচনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.