ETV Bharat / state

Jonai youth dies in Andhra Pradesh : অন্ধ্ৰপ্ৰদেশত পুনৰ ৰহস্য়জনকভাৱে মৃত্য়ু জোনাইৰ যুৱকৰ - Jonai youth dies in other state

বহিঃৰাজ্যত পুনৰ জোনাইৰ যুৱকৰ আকস্মিক মৃত্যু ৷ যুৱকৰজনৰ জন্মগাঁও জোনাইৰ লাইমেকুৰী অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ বিধায়ক, সাংসদ, TMPK ক মৃতদেহটো অনাৰ ব্যৱস্থাৰ আহ্বান পৰিয়ালৰ ।

Jonai youth dies in other state
ধেমাজি জিলাৰ জোনাইৰ যুৱকৰ অন্ধ্ৰপ্ৰদেশত মৃত্য়ু
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:42 PM IST

ধেমাজি জিলাৰ জোনাইৰ যুৱকৰ অন্ধ্ৰপ্ৰদেশত মৃত্য়ু

জোনাই ১১ নৱেম্বৰ: অন্ধ্ৰপ্ৰদেশত পুনৰ ৰহস্য়জনকভাৱে মৃত্য়ু হৈছে ধেমাজি জিলাৰ জোনাইৰ এজন যুৱকৰ । কৰ্ম সংস্থাপনৰ সন্ধানত অন্ধ্ৰপ্ৰদেশত গৈ এজন যুৱকে আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা এক ঘটনাই শোকৰ ছাঁ পেলাইছে জোনাইৰ লাইমেকুৰী অঞ্চলত ৷ জানিব পৰা মতে, জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মিৰি টাকঃ গাঁৱৰ পিতৃ-মাতৃহাৰা তথা দৰিদ্ৰ পৰিয়ালৰ মোহন পায়েং নামৰ ২১ বছৰীয়া এজন যুৱকে ভৱিষ্যতৰ অনেক ৰঙীন সপোন ৰচি গাঁৱৰে আন এজন লগৰ সৈতে চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মৰ সংস্থাপনৰ সন্ধানত ঢাপলি মেলিছিল বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশলৈ ৷

লগতে পঢ়ক:Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

কিন্তু অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ বিমাবাহাৰা নামৰ ঠাইত এখন মীন পালন কেন্দ্ৰত যোৱা ৯ মাহে কৰ্মৰত মোহন পায়েঙৰ শুক্ৰবাৰে মীন পালনস্থলীতে সন্দেহজনকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় । মীন পালনস্থলীতে সন্দেহজনকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা অৱস্থাত মীন পালন কেন্দ্ৰটোৰ স্বত্বাধিকাৰীগৰাকীয়ে উদ্ধাৰ কৰে ৷ পিচত তেওঁ এই পৰিয়ালটোক উক্ত ঘটনাৰ বিষয়ে মোবাইল ফোন যোগে অৱগত কৰে । ইফালে, যুৱকজনৰ এনে ৰহস্যজনক মৃত্যুক সহজভাবে ল'ব পৰা নাই পৰিয়াল তথা লাইমেকুৰী অঞ্চলৰ ৰাইজে ৷

লগতে পঢ়ক:Controversial remark of Badruddin Ajmal: এইবাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে আজমলৰ উদ্ধতালি

আনহাতে, পিতৃ-মাতৃহাৰা মোহন পায়েঙৰ মৃতদেহক লৈ চিন্তিত হৈ পৰিছে দৰিদ্ৰ ভাতৃ প্ৰদীপ পায়েঙৰ লগতে আত্মীয় ৷ আৰ্থিকভাৱে অতিকৈ দুৰ্বল পৰিয়ালটোৱে অন্ধ্ৰপ্ৰদেশৰ পৰা জোনাইলৈ যুৱকজনৰ মৃতদেহটো অনাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত স্থানীয় বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ লগতে মিচিং জাতীয় সংগঠন TMPK তথা হৃদয়বান ব্যক্তিৰ ওচৰত কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:Telangana Elections 2023 : তেলেংগানা নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ ভিৰ; মুখ্য দলসমূহৰ বেছিভাগ প্ৰাৰ্থীয়ে কোটিপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.