ETV Bharat / state

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনৰ অভিযান - চৰকাৰীভাৱে আবন্টিত চৰণীয়া ভূমি

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন ৷ জোনাইৰ কেইবাটাও চৰ-চাপৰিত গঢ়ি উঠা বেদখল ৰোধ কৰিবলৈ তৎপৰ হৈছে জোনাই মহকুমা প্ৰশাসন (Jonai subdivision administration)৷ যাৰ বাবে জোনাই মহকুমা প্ৰশাসনে এই সন্দৰ্ভত চলাই এক অভিযান (Operation against illegal encroachers at Jonai)৷

Jonai subdivision administration
Jonai subdivision administration
author img

By

Published : May 6, 2022, 8:33 PM IST

জোনাই, 6 মে’ : বেদখলকাৰীৰ কৱলত পৰিছে জোনাইৰ কেইবাটাও চৰ-চাপৰি ৷ বেদখলৰ ফলত অঞ্চলটোত বিভিন্ন সময়ত নানা সমস্যাই গা কৰি উঠা দেখিবলৈ পোৱা গৈছে ৷ সেয়ে এই সমস্যা সমাধান কৰাৰ বাবে বৃহস্পতিবাৰে জোনাইৰ কেইটাও চৰ-চাপৰিত আৰক্ষী-অৰ্ধসামৰিক বাহিনী লৈ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনে চলায় এক অভিযান (Operation against illegal encroachers at Jonai)৷

তথ্য অনুসৰি, জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুনমুনি-মাজিআলি চৰাঞ্চলত চৰণীয়া ভূমি একাংশ লোকে বেদখল কৰাক কেন্দ্ৰ কৰি গো-পালক আৰু বেদখলকাৰীৰ মাজত বহু বছৰ ধৰি অব্যাহত আছে সংঘাত ৷ জোনাইৰ মুনমুনি-মাজিআলি চৰাঞ্চলত চৰকাৰীভাৱে আৱন্টিত চৰণীয়া ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত বিভিন্ন সময়ত উক্ত ভূমিত থকা প্ৰায় শতাধিক গো-পালকে ৰূপায়ণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী ৷

Jonai subdivision administration
অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন

এনে সময়তে গো-পালকসকলৰ অভিযোগৰ ভিত্তিত জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ মহকুমাধিপতিৰ নেতৃত্বত মুনমুনি, মাজিআলি চৰ-চাপৰিত চলাই বেদখলকাৰী বিৰুদ্ধে অভিযান ৷ ইফালে অভিযানৰ সময়ত মুনমুনি, মাজিআলি আদি অঞ্চলত গো-পালকসকলৰ বাবে জোনাই ৰাজহ বিভাগে আৱন্টিত চৰণীয়া ভূমিত একাংশ লোকে অবৈধভাৱে বেদখল কৰি ঘৰ-বাৰী, খেতি-বাতি কৰি থকা প্ৰত্যক্ষ কৰে ৷

জোনাই ৰাজহ বিভাগে চৰকাৰীভাৱে আৱন্টিত উক্ত ভূমিত অব্যাহত থকা বিবাদক লৈ জোনাই মহকুমা প্ৰশাসনে স্থানীয় টি.এম.পি.কে'ৰ সহযোগত গো-পালক আৰু বেদখলকাৰী মাজত এক সীমা ঠিক কৰা হৈছিল ৷ কিন্তু একাংশ বেদখলকাৰীয়ে চৰণীয়া পথাৰত বেদখলমুক্ত নকৰাৰ অভিযোগ লাভ কৰাত জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে জোনাই মহকুমা প্ৰশাসনে মুনমুনি চাপৰিত উপস্থিত হৈ পৰিদৰ্শন কৰে অঞ্চলসমূহ ৷

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনৰ অভিযান

বৃহস্পতিবাৰে প্ৰশাসনৰ লোকসকলে পৰিদৰ্শন কৰাৰ সময়চোৱাত সময়ত চৰণীয়া পথাৰৰ কেইবাটাও স্থানত একাংশ লোকে বেদখল কৰি ঘৰ-বাৰী সজাৰ লগতে খেতি-বাতি কৰি অহা পৰিলক্ষিত হয় ৷ যাৰ ফলত জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী আৰু জোনাই ৰাজহ চক্ৰ বিষয়া ৰিতু পল্লৱ বৰাই আইনী প্ৰক্ৰিয়াৰ সহায়ত অতি সোনকালে বেদখলকাৰীসকলক উক্ত স্থানৰ পৰা উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে গো-পালকসকলক ৷

লগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱত বিতুষ্ট গোৱালপাৰাৰ ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.