ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৩ সংখ্যক জোনাই জিলা শাখাৰ অধিৱেশনৰ সফল সামৰণি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৩ সংখ্যক জোনাই জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ জোনাইৰ তেলামৰ বৰদণ্ডী বৰনামঘৰত অধিৱেশনৰ সামৰণি অনুষ্ঠান হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয় ৷

author img

By

Published : Jan 30, 2020, 4:41 AM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘ
শ্ৰীমন্ত শংকৰদেৱ সংঘ

জোনাই, 29 জানুৱাৰীঃ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৩ সংখ্যক জোনাই জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰা জোনাইৰ তেলামৰ বৰদণ্ডী বৰনামঘৰত অধিৱেশনৰ সামৰণি অনুষ্ঠান হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয় ৷ দেবেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংস্কৃতিক শাখাৰ উপদেষ্টা মোহন ফুকন, সংঘৰ প্ৰাক্তন মূলৰ সদস্য বুদ্ধেশ্বৰ দাস, শিক্ষক হৰেন্দ্ৰ দুৱৰা, সংঘৰ বিষয়ববীয়া নন্দৰাম বৰা, অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ হৰকান্ত পেগু, কাৰ্যকৰী সভাপতি ৰামকুমাৰ পেগু, সম্পাদক কৃষ্ণকান্ত পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্ৰি উপস্থিত থাকে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৩ সংখ্যক জোনাই জিলা শাখাৰ অধিৱেশনৰ সফল সামৰণি

লগতে পঢ়ক ঃ বড়োভূমিত উষ্ম আদৰণি স্বাক্ষৰকাৰী বড়ো নেতাক

Intro:Body:হৰি নামৰ ৰসেৰে উদ্বাউল ভক্ত-বৈষ্ণৱ
সফল সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
৩৩ সংখ্যক জোনাই জিলা-শাখাৰ অধিবেশন
জোনাই, ২৯ জানুৱাৰীঃ কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৩ সংখ্যক জোনাই জিলা-শাখাৰ বাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰিল । জোনাইৰ তেলামৰ বৰদণ্ডী বৰনামঘৰত হৰি - নামৰ ধ্বনিৰে মুখৰ হৈ পৰা
অধিবেশনৰ আজি দিনৰ ১১-৩০ বজাৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা-শাখাৰ সভাপতি দেবেন গগৈৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষন ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি জগত বনিয়াই কয় বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ শঙ্কৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক,সুগায়ক,
নতৰ্ক, অভিনেতা, কবি, চিত্ৰকৰ । গুৰুজনাই সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল বুলি ভাষন প্ৰসঙ্গত কয়।শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মূলৰ সদস্য জনকান্ত কুম্বাঙে উদ্ধোধন কৰা মুকলি সভাত সংঘৰ জোনাই জিলা-শাখাৰ
সাংস্কৃতিক শাখাৰ উপদেষ্টা মোহন ফুকন, সংঘৰ প্ৰাক্তন মূলৰ সদস্য বুদ্ধেশ্বৰ দাস,শিক্ষক হৰেন্দ্ৰ দুৱৰা, সংঘৰ বিষয়ববীয়া নন্দৰাম বৰা,
বিশ্ব বৰা,কৃষ্ণকান্ত বড়ো, লীলা বৰদলৈ , অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ হৰকান্ত পেগু, কাৰ্যকৰী সভাপতি ৰামকুমাৰ পেগু, সম্পাদক কৃষ্ণকান্ত পেগু প্ৰমুখ্যে কেবাজনো গন্য-মান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।অনুষ্ঠানৰ আজি পুৱা ৭-০০ বজাত নাম প্ৰসঙ্গ অনুষ্ঠানত নামাচাৰ্য ৰঞ্জন সূত্ৰধৰে ভক্তি ৰসৰ হৰি নাম পৰিবেশন কৰে।ইয়াৰ পিছতে বৃক্ষ ৰোপণ কৰে সংঘৰ পূৰ্বাঞ্চল আঞ্চলিক শাখা সমিতিৰ
বিবাহ আচাৰ্য্য ভূপেন শইকীয়া ।পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা-শাখাৰ সভাপতি দেবেন গগৈয়ে ।ভাগৱত ভ্ৰমণ আৰু বাৰেৰহৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে নৰেশ্বৰ চুতীয়াই। অধিবেশনৰ প্ৰথম দিনা পুৱা ৮ বজাত সংঘৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ অধিনায়ক হৰি পেগুৰ নেতৃত্বত
পৰিবেশ নিকাকৰণৰ পিছত পুৱা ১০ বজাত মূল তোৰণ উদ্ধোধন কৰে তেলাম গাওঁ পঞ্চায়তৰ সভাপতি মুহিকান্ত পেগুয়ে আৰু ভোজনালয় গৃহ মুকলি কৰে সংঘৰ পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সভাপতি কান্ত পেগুয়ে ।মূল মঞ্চ উদ্ধোধন কৰে প্ৰচাৰ শাখাৰ সদস্য বদন বৰাই।
প্ৰতিনিধি শিবিৰ মুকলি কৰে সংঘৰ প্ৰাক্তন মূলৰ সদস্য তোলন ফুকনে।বিয়লি অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্ধোধন কৰে সংঘৰ জোনাই জিলা-শাখাৰ প্ৰাক্তন সম্পাদক লোকনাথ বৰদলৈয়ে। সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ২০২২ চনত
জোনাই মহকুমাত অনুষ্ঠিত হবলগা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯১ সংখ্যক অধিবেশনৰ প্ৰস্তুতি সমিতিৰ সম্পাদক নৰেশ্বৰ চুতীয়াই।
অধিবেশনৰ দুয়োদিনৰ কাৰ্যসূচী বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ সমাগম আৰু হৰি নামৰ ধ্বনিত অধিবেশনস্থলী মুখৰ হৈ পৰে ।

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.