ETV Bharat / state

নতুন ভূমি নীতিঃ জোনাইত সোণোৱাল চৰকাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - খিলঞ্জীয়া বিৰোধী ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

যদি ভূমি নীতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত বাতিল নকৰে, তেন্তে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আছুৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰে ৷

jonai  protest aginest new land act  aasu
নতুন ভূমি নীতিঃ জোনাইত সোণোৱাল চৰকাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
author img

By

Published : Jul 2, 2020, 10:50 PM IST

জোনাই,২জুলাইঃ যোৱা ২৯ জুনত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বৃহস্পতিবাৰে জোনাইত আছুৰ প্ৰতিবাদ। সমগ্র ৰাজ্যৰ লগতে বৃহস্পতিবাৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে ভূমি নীতি অধিসূচনাৰ প্ৰতিলিপি ৷ লক্ ডাউনৰ অচিলা লৈ অসম চৰকাৰে ৰাজ্যখনত ভূমি নীতি অধিসূচনা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ কৃষকক মাধমাৰ সোধাই পুজিপতিক ৰঙা দলিচা পাৰি দিয়া কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি আছুৱে হুংকাৰ প্ৰদান কৰে।

নতুন ভূমি নীতিঃ জোনাইত সোণোৱাল চৰকাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

যদিহে চৰকাৰে এই ভূমি নীতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত বাতিল নকৰে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আছুৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰে ৷ ইফালে ডেকাপামটো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেবিনেটত গ্ৰহণ কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে । ডেকাপাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য শৰনীয়া, সাধাৰণ সম্পাদক শান্তনু দলে আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হীৰেণ শৰনীয়াৰ নেতৃত্বত ৷

আজি ডেকাপাম তিনিআলিত দিনৰ ১ বজাত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছুৰ নেতৃত্বই উদ্যোগ স্থাপনৰ অজুহাতত কৃষকৰ মাটি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰিবলৈ লোৱা সিদ্ধান্তক মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে ৷ অসম চৰকাৰ হায় হায়, খিলঞ্জীয়া বিৰোধী ভূমি নীতি মানি লোৱা নহ'ব, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, আছু জিন্দাবাদ আদি শ্ল'গান আওৰাই ডেকাপামৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়কঃ নতুন ভূমি নীতি : চিৰাঙত সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.