ETV Bharat / state

জোনাইত কুঠাৰেৰে ঘপিয়াই পুত্ৰই হত্যা কৰিলে পিতৃক - কৰ'ণাতংকৰ মাজতে জোনাইত হত্যাকাণ্ড

পিতৃ মনিকান্তই মদ , ভাং খায় মাতৃক শাৰীৰিক নিৰ্যাতন কৰাৰ লগতে পৰস্ত্ৰীৰ লগত সম্বন্ধ ৰাখি ঘৰত অশান্তি সৃষ্টি কৰি আহিছে ৷ শুকুৰবাৰে নিশাও মদ খাই পত্নীৰ লগতে দুই পুত্ৰৰ লগত কাজিয়াত লিপ্ত হয় মৃত মনিকান্ত কাদং।

পুত্ৰই হত্যা কৰিলে পিতৃক
পুত্ৰই হত্যা কৰিলে পিতৃক
author img

By

Published : Apr 5, 2020, 11:09 AM IST

জোনাই, 5 এপ্ৰিলঃ ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে শুকুৰবাৰে নিশা ধেমাজি জিলাৰ জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ মনিকান্ত কাৰ্দং নামৰ এজন লোকৰ মৃতদেহ ৷ জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাখানা দলঙৰ সমীপত নিশা প্ৰায় ১১ বজাত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷ আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা অনুসৰি , মৃতকৰ পত্নী হেম প্ৰভা কাৰ্দঙে তেওঁৰ দুই পুত্ৰ অভিনাশ কাৰ্দং আৰু চন্দ্ৰশেখৰ কাৰ্দঙে পিতৃ মনিকান্ত কাৰ্দঙক হত্যা কৰা বুলি জানিবলৈ দিয়ে ৷

জোনাই

পিতৃ মনিকান্তই মদ , ভাং খায় মাতৃক শাৰীৰিক নিৰ্যাতন কৰাৰ লগতে পৰস্ত্ৰীৰ লগত সম্বন্ধ ৰাখি ঘৰত অশান্তি সৃষ্টি কৰি আহিছে ৷ শুকুৰবাৰে নিশাও মদ খাই পত্নীৰ লগতে দুই পুত্ৰৰ লগত কাজিয়াত লিপ্ত হয় মৃত মনিকান্ত কাদং। এনে পৰিস্থিতিত ধৈৰ্য্যচ্যুত হৈ সৰু পুত্ৰ চন্দশেখৰে পিছফালৰ পৰা কুঠাৰেৰে পিতৃক প্ৰহাৰ কৰে ৷ ফলত পিতৃ মনিকান্তৰ মৃত্যু হয় ৷

পুত্ৰই হত্যা কৰিলে পিতৃক

পৰৱৰ্তি সময়ত, উপায়হীন হৈ দুই অভিযুক্ত পুত্ৰ আৰু মাতৃয়ে মিলি নিজৰ As-22/C-5381 নম্বৰৰ অট'ৰিক্সাৰে প্ৰায় 300 মিটাৰৰ দূৰত্বত ১৫ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ ৰায়াং দলঙৰ সমীপত মৃতদেহটো পেলাই থৈ যায় ৷ ইতিমধ্যে আৰক্ষীৰ তদন্তত মনিকান্তৰ পত্নী আৰু দুই পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ৷ ইতিমধ্যে জোনাই আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি PS-C/No-34/20 আৰু U/S-302/34 IPC নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ COVID-19ৰ হেঁচাই টোপনি কাঢ়ি নিছে ! ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.