ETV Bharat / state

বনদস্যুৰ গ্ৰাসত পবা বনাঞ্চল : নিৰ্বিকাৰ বন বিভাগ - JONAI POBA RESERVE ILLEGAL WOOD SMUGGLING, ASSAM ETV BHARAT

বন বিভাগৰ চকু আগতেই লালী-চিয়াং নদীৰ জল পথেৰে পবা বনাঞ্চলত উপলব্ধ মূল্যৱান কাঠৰ গছসমূহ কাটি কুণ্ডাসমূহ সৰবৰাহ কৰি আহিছে বনদস্যুৱে | কিন্তু সকলো দেখিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ৷

POBA FOREST AREA
POBA FOREST AREA
author img

By

Published : Nov 29, 2019, 6:30 PM IST

Updated : Nov 29, 2019, 6:45 PM IST

জোনাই, 29 নৱেম্বৰ : ধেমাজি জিলাত বন ধ্বংসকাৰীৰ সৈতে মিতিৰ পাতিছে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ৷ মিতিৰালিৰ সম্পৰ্কৰ বাবেই জিলাখনত ব্যাপক হাৰত ধ্বংস হ'বলৈ ধৰিছে বনজ সম্পদ ৷ বন বিভাগৰ লগত মিতিৰালি পাতি চক্ৰটোৱে শেহতীয়াকৈ জিলাখনৰ বিভিন্ন সামাজিক বননীকৰণৰ মূল্যৱান কাঠসমূহ কাটি তহিলং কৰাৰ পিচত জিলাখনৰ জোনাইত থকা পবা বনাঞ্চলখন ধ্বংস কৰাত নামি পৰিছে ৷ এই সকলো অভিযোগ একাংশ স্থানীয় প্ৰকৃতিপ্ৰেমীৰ ৷

POBA FOREST AREA
বনদস্যুৰ গ্ৰাসত পবা বনাঞ্চল

বন বিভাগৰ চকু আগতে জিলাখনৰ জোনাই মহকুমাৰ কাষেৰে বৈ যোৱা লালী-চিয়াং নদীৰ জল পথেৰে বনাঞ্চলখনত উপলব্ধ মূল্যৱান কাঠৰ গছসমূহ কাটি কুণ্ডাসমূহ সৰবৰাহ কৰি আহিছে বনদস্যুৱে | বিশেষকৈ বন বিভাগটোৰ অন্তৰ্গত পবা বনাঞ্চলৰ তিনিমাইল বিট কাৰ্যালয়ৰ নিচেই কাষৰে বৈ যোৱা চিয়াং নদীৰ জলপথেৰে দিন দুপৰতে অবৈধভাৱে কাঠৰ কুণ্ডা চালি বনাই সৰবৰাহ কৰি আহিছে চোৰাং কাঠ বেপাৰীয়ে ৷ যোৱা বৃহস্পতিবাৰে পবা বনাঞ্চলৰ তিনিমাইল বিটৰ কাষেদি একাংশ অসাধু চক্ৰই দিন দুপৰতে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা চালি সজাই সৰবৰাহ কৰা দৃষ্টিগোচৰ হয় একাংশ স্থানীয় সাংবাদিকৰ | লগে লগে কাষতে থকা তিনিমাইল বিটৰ বন বিষয়াক খবৰ দিয়াত এগৰাকী বনকৰ্মীয়ে কাঠৰ চালিখন ৰখাবলৈ চিঞৰি আদেশ দিয়ে যদিও বন কৰ্মীৰ আদেশক কোনো গুৰুত্ব নিদিয়াকৈ গৈ থাকে কাঠ বেপাৰীৰ দলটো ৷ লগে লগে বন বিষয়াই এগৰাকী বন কৰ্মীৰ সৈতে এখন টুলুঙা নাৱেৰে কাঠৰ চালিখন পিচ লৈছিল যদিও কিছু সময়ৰ পিচত ঘূৰি অহা বন বিষয়াই উক্ত কাঠৰ চালিখন কিছুমান দুখীয়া মানুহে জ্বলাবলৈ নিয়া খৰিহে আছিল বুলি জানিবলৈ দিয়ে ৷ তাৰোপৰি পবা বনাঞ্চলৰ পৰা আজিলৈকে কাঠ চুৰি কৰাৰ ৰেকৰ্ড নাই বুলিও স্পষ্টীকৰণ দিয়ে বিষয়াগৰাকীয়ে ৷

লালী-চিয়াং নদীৰ চোৰাং কাঠ সৰবৰাহ

কিন্তু কেমেৰাত বন্দী হোৱা কাঠৰ চালিখনত আছিল বহুতো সৰুবৰ কাঠ কুণ্ডা ৷ এনে ক্ষেত্ৰত বন বিষয়াই বনধ্বংসকাৰীৰ পক্ষত স্পষ্টীকৰণ দিয়া কাৰ্যই প্ৰমাণ কৰিছে তেওঁলোকৰ মাজৰ সম্পৰ্ক ৷ ইপিনে অলপতে জিলাখনৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে জানিবলৈ দিয়া মতে বন বিভাগৰ কুৱেৰী সমূহৰ শিল বালি ট্ৰাকৰ চালান সম্পৰ্কত চলোৱা সমীক্ষাত এটি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি জিলাখনৰ পৰা যদি এশখন শিল-বালিৰ ট্ৰাক ওলাই যায় তাৰে ২৫ৰ পৰা ৩৫ খনৰহে বিভাগীয় চালান থাকে ৷ বাকী আটাইবোৰ ট্ৰাক বুজাবুজিৰ ভিত্তিত পাৰ হৈ যায় ৷ উল্লেখ্য যে বিভাগটোৱে শিল-বালিৰ ট্ৰাকৰ বাবে যি চালান দি আহিছে সেই চালন সমূহত নাথাকে কোনো পঞ্জীয়ন নম্বৰ আৰু তাৰিখ ৷

লগতে পঢ়ক : অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ সদনত ৰিপুন বৰাৰ আহ্বান

Intro:Body:বন ধ্বংসকাৰীৰ বন বিভাগৰ লগত থাকে সম্পৰ্ক ৷

জোনাইত দিনদুপৰতে সৰবৰাহ হয় বনজ সম্পদ ৷
জোনাই, ২৯ নৱেম্বৰ
ধেমাজি জিলাত বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত বন ধ্বংসকাৰীৰ লগত আছে মিতিআলি ৷ মিতিআলিৰ সম্পৰ্কৰ বাবেই জিলাখনত ব্যাপক হাৰত ধ্বংস হ'বলৈ ধৰিছে বনজ সম্পদ ৷ বন বিভাগৰ লগত মিতিৰালি চক্ৰটোৱে শেহতীয়াকৈ জিলাখনৰ বিভিন্ন সামাজিক বননীকৰণৰ মূল্যবান কাঠসমুহ কাটি তহিলং কৰাৰ পিচত জিলাখনৰ জোনাইত থকা পবা বনাঞ্চলখন ধ্বংস কৰাত নামি পৰিছে ৷ বন বিভাগৰ চকু আগতে জিলাখনৰ জোনাই মহকুমাৰ কাষেৰে বৈ যোৱা লালী-চিয়াং নদীৰ জল পথেৰে বনাঞ্চলখনত প্ৰাপ্য মূল্যবান কাঠৰ গছসমুহ কাটি কুণ্ডাসমুহ সৰবৰাহ কৰাৰ বন ধ্বংসকাৰীৰ চলিছে দৌৰাত্ম্য | বিশেষকৈ বন বিভাগটোৰ অন্তৰ্গত পবা বনাঞ্চলৰ তিনিমাইল বিট কাৰ্যালয়ৰ নিচেই কাষৰে বৈ যোৱা চিয়াং নদীৰ জলপথেৰে দিন দুপৰতে অবৈধভাৱে কাঠৰ কুণ্ডা চালি বনাই সৰবৰাহ কৰি আহিছে চোৰাং কাঠ বেপাৰীয়ে | যোৱা বৃহস্পতিবাৰৰ দিনা পবা বনাঞ্চলৰ তিনিমাইল বিটৰ কাষেদি একাংশ অসাধু চক্ৰই দিনদুপৰতে বৃহৎ পৰিমানৰ কাঠৰ কুণ্ডা চালি সজাই সৰবৰাহ কৰাৰ দৃষ্টিগোচৰ হয় একাংশ স্থানীয় সাংবাদিকৰ | লগে লগে কাষতে থকা তিনিমাইল বিটৰ বন বিষয়াক খবৰ দিয়াত এগৰাকী বনকৰ্মীয়ে কাঠৰ চালিখন ৰখাবলৈ চিঞৰি আদেশ দিয়ে যদিও বন কৰ্মীৰ আদেশ কোনো গুৰুত্ব নিদিয়াকৈ গৈ থাকে কাঠ বেপাৰীৰ দলটোৱে| লগে লগে বন বিষয়াই এগৰাকী বন কৰ্মীৰ সৈতে এখন টুলুঙা নাঁৱেৰে কাঠৰ চালিখন পিছ লৈছিল যদিও কিছু সময়ৰ পিছত ঘূৰি আহা বন বিষয়াই উক্ত কাঠৰ চালিখন কিছুমান দুখীয়া মানুহে জ্বলাবলৈ খৰিহে আছিল আৰু পবা বনাঞ্চলৰ পৰা আজিলৈকে ৰেকৰ্ড নাই বুলিহে স্পষ্টীকৰণ দিয়ে| কিন্তু কেমেৰাত বন্ধী হোৱা কাঠৰ চালিখনত আছিল বহুতো সৰুবৰ কাঠ কুণ্ডা | এনে ক্ষেত্ৰত বন বিষয়াই বনধ্বংসকাৰীৰ পক্ষত স্পষ্টীকৰণ দিয়া কাৰ্যই প্ৰমাণ কৰিছে তেওঁলোকৰ মাজৰ সম্পৰ্ক ৷ ইপিনে অলপতে জিলাখনৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে জানিবলৈ দিয়া মতে বন বিভাগৰ কুৱাৰী সমুহৰ শিল বালি ট্ৰাকৰ চালন সম্পৰ্কত চলোৱা সমীক্ষাত এটি ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে ৷পোহৰলৈ অহা তথ্য অনুসৰি জিলাখনৰ পৰা যদি ১শখন শিল-বালিৰ ট্ৰাক ওলাই যায় তাৰে ২৫ ৰ পৰা ৩৫ খনৰে বিভাগীয় চালান থাকে বাকী আটাইবোৰ ট্ৰাক বুজাবুজিব ভিত্তিত পাৰ হৈ যায় ৷ উল্লেখ্য যে বিভাগটোৰে শিল -বালিৰ ট্ৰাকৰ বাবে যি চালন দি আহিছে সেই চালন সমুহত ইচ্ছু কৰাৰ তাৰিখ নাথাকে ৷

কৰবী দলেConclusion:
Last Updated : Nov 29, 2019, 6:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.