জোনাই, ১৯ জুনঃ ধেমাজি জিলাৰ জোনাই মহকুমাত কৃষি বিপ্লৱৰ সূচনা ৷ নেমু আৰু চাহ খেতিৰে স্বাৱলম্বী এজন শিক্ষিত নিবনুৱা ৷ ২০১৩ চনতে 2 বিঘা মাটিৰে নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল মাৰাজকুমাৰ মেদক নামৰ লোকজনে৷ অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী ৰাজকুমাৰ মেদক বৰ্তমান অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৷ জানিব পৰা মতে নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা । বছৰৰ 12 মাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা মেদকে মাহিলি গড় হিচাপে লাখৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে এই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই মেদকে৷ চৰকাৰৰ পৰা কোনো অনুদান নোলোৱাকৈ স্বাৱলম্বী হৈছে ৰাজকুমাৰ মেদক ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
নেমু আৰু চাহ খেতিৰে কৃষি বিপ্লৱৰ সূচনা শিক্ষিত নিবনুৱা যুৱকৰ - কৃষি বিপ্লৱ
অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী ৰাজকুমাৰ মেদক বৰ্তমান অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৷ জানিব পৰা মতে নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা । বছৰৰ 12 মাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা মেদকে মাহিলি গড় হিচাপে লাখৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হয় ।
![নেমু আৰু চাহ খেতিৰে কৃষি বিপ্লৱৰ সূচনা শিক্ষিত নিবনুৱা যুৱকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3600061-thumbnail-3x2-ef.jpg?imwidth=3840)
জোনাই, ১৯ জুনঃ ধেমাজি জিলাৰ জোনাই মহকুমাত কৃষি বিপ্লৱৰ সূচনা ৷ নেমু আৰু চাহ খেতিৰে স্বাৱলম্বী এজন শিক্ষিত নিবনুৱা ৷ ২০১৩ চনতে 2 বিঘা মাটিৰে নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল মাৰাজকুমাৰ মেদক নামৰ লোকজনে৷ অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী ৰাজকুমাৰ মেদক বৰ্তমান অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৷ জানিব পৰা মতে নেমু খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা । বছৰৰ 12 মাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা মেদকে মাহিলি গড় হিচাপে লাখৰো অধিক টকা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে এই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই মেদকে৷ চৰকাৰৰ পৰা কোনো অনুদান নোলোৱাকৈ স্বাৱলম্বী হৈছে ৰাজকুমাৰ মেদক ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
জোনাই ১৯ জুন
ধেমাজি জিলাৰ জোনাই মহকুমাৰ এজন শিক্ষিত নিবনুৱা যুৱকে নেমুৰ আৰু চাহ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱকজনৰ নাম ৰাজকুমাৰ মেদক। অসম অৰুণাচল সীমান্ত জোনাই পুৰণা জেলম গাঁৱৰ নিৱাসী যুৱকজন ২০১৩ চনতে নিজৰ ঘৰৰ দুই বিঘা মাটিতে তেওঁ নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল। এতিয়া তেওঁৰ নেমুৰ খেতি কৰা মাটিৰ পৰিমাণ হৈছে ৮ বিঘা। বছৰৰ বাৰমাহে উৎপাদনক্ষম নেমু আৰু চাহ খেতিৰপৰা তেওঁ মাহিলি গড় হিচাপে লাখৰোধিক টকা লাভ কৰিবলৈ সক্ষম হয় । ২০১৩ চনৰ আগলৈ বৃহত্তৰ অঞ্চলটোৰ লোকসকলে নেমু খেতিৰে যে স্বাৱলম্বী হ’ব পাৰে, সেই কথা ভবাই নাছিল। চৰকাৰৰ চাকৰি কিম্বা চৰকাৰী অনুদানৰ প্ৰতি পিঠি দি তেওঁ ব্যৱসায়িক দৃষ্টিভংগীৰে নেমুৰ খেতি লগতে চাহ খেতিত মনোনিৱেশ কৰে। অন্যান্য খেতি কৰিব নোৱাৰা মাটিতো নেমু খেতি কৰিব পাৰি। নিজৰ ৮ বিঘা মাটিলৈ আৰম্ভ কৰা নেমু খেতিৰ ফচলেৰে তেওঁ সম্প্ৰতি অঞ্চলটোত এখন বৃহৎ বজাৰ গঢ়ি তুলিছে। বতৰ সাপেক্ষে তেওঁ দৈনিক আঠশৰপৰা এহেজাৰ পোন নেমু উৎপাদন কৰিবলৈ সক্ষম হয়। এই অঞ্চলটোত যে কেৱল ৰাজকুমাৰ মৰাঙৰে নেমু খেতি আছে, তেনে নহয়, বৰং আন বহুতো লোকেও কম-বেছি পৰিমাণে এই খেতিত নামি পৰিছে।বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিজন লোকেই উপাৰ্জনৰ প্ৰথম উৎস হিচাপে বাছি লৈছে নেমু আৰু চাহ খেতিত। অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৰাজকুমাৰ মেদক। তেওঁৰ পদাংক অনুসৰণ কৰিয়ে সম্প্ৰতি অঞ্চলটোৰ একাংশ নিবনুৱা যুৱকে নতুনকৈ নেমু খেতি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান বা ঋণ নোলোৱাকৈ জোনাই মহকুমাৰ ভিতৰত এজন আদৰ্শ খেতিয়ক হিচাপে খ্যাত ৰাজকুমাৰ মেদকে নেমু আৰু চাহ খেতি কৰি বছৰতে লাখ লাখ টকা উপাৰ্জন কৰি নিজকে স্বাৱলম্বী হবলৈ সক্ষম হোৱাৰ লগতে দৈনিক ১২-১৫ গৰাকী লোকক মেদকে তেঁওৰ বাগানত কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছেl জোনাইৰ ৰাজকুমাৰ মেদক নামৰ এই আদৰ্শ খেতিয়কৰ নেমু বাগানৰ নেমু চালান দিয়ে জোনাই চিলাপথাৰ, ধেমাজি লগতে অৰুণাচলতৰ বিভিন্ন ঠাইলৈl এতিয়া এটা সামান্য চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা লাখ লাখ নিবনুৱাসকলৰ বাবে জোনাইৰ ৰাজকুমাৰ মৰাং হৈছে হৈছে এক আদৰ্শ স্বৰূপ।
কৰবী দলে,Conclusion: