জোনাই, ৩০ জুলাই: এটা বৃহদাকাৰ শৰীৰ ৷ সমান্তৰালকৈ অপৰিসীম বাহুবল লোকজনৰ ৷ লোকজনে অনায়াসে দাঙি লৈ ফুৰিব একোখন মটৰ চাইকেল ৷ সেই অনুসৰি লোকজনক প্ৰয়োজন কেইবাজনো সাধাৰণ লোকৰ খাদ্যসম্ভাৰ ৷ এইসমূহ বিশেষত্বৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেট খালি বুলিয়েই মাতে স্থানীয় লোকে ৷
জোনাইত আছে এই দ্বিতীয় দ্য গ্ৰেট খালি (Jonai The Graet khali)। দেখিবলৈ সাইলাখ WWEৰ খেলুৱৈ দ্য গ্ৰেট খালিয়েই । সেয়েহে সাধাৰণ মানুহে লোকজনক গ্ৰেট খালি বুলিয়েই মাতে । লোকজনে বসবাস কৰে পত্নী, এজনী ছোৱালী আৰু এটা পুত্ৰ সন্তানৰ সৈতে সৈতে অসম-অৰুণাচল সীমান্তৰ ধেমাজিৰ জোনাইৰ নাহৰ বান্দানা গাঁৱৰ এটা জৰাজীৰ্ণ ঘৰত । নাম তেওঁৰ জীতেন দলে ওৰফে আল্লাই (Jiten Doley known as Great Khali) ।
৪৯ বছৰীয়া আল্লাইৰ ওজন ১ কুইন্টল ৫৫ কিলো, উচ্চতা ৬ ফুট ৮ ইঞ্চি ৷ এবাৰ খাদ্য গ্ৰহণ কৰোতে তেওঁক লাগে ২.৫ কিল’গ্ৰাম চাউল, মাছ বা মাংস লাগে ২ ৰ পৰা ৩ কিল’গ্ৰাম আৰু কণী ৩০ টাকৈ । জীতেন দলে ওৰফে আল্লাই মাজে সময়ে মিছিং জাতীয় সংঠনৰ লগত বিভিন্ন সাংগঠনিক কামত সহযোগ কৰিছিল । বৰ্তমান তেওঁ সৰু-সুৰা ব্যৱসায়েৰে কোনোমতে পৰিয়াল পোহ-পাল দি আছে ৷
জীতেন দলেয়ে কৰিব পাৰে সাধাৰণ দুজন-তিনিজন মানুহে কৰিব নোৱাৰা কাম । যদিও উপযুক্ত প্ৰশিক্ষণৰ আৰু আৰ্থিক অনাটনৰ বাবে ৰাজ্যিক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে পৰিচয় দিব পৰা নাই ৷
লগতে পঢ়ক: Assam Youth Olympic 2022: মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকাখাত মল্লযুদ্ধ সন্থাই