জোনাই, ২৪ ছেপ্টেম্বৰঃ জোনাইৰ চিমেন চাপৰিত সংঘটিত হ'ল শোকাৱহ ঘটনা ৷ মূলত আৰ্থিক দৈন্যতা আৰু মানসিক ভাৰসম্যহীনতাৰ বাবেই পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যাৰ চেষ্টা চলালে স্বমীয়ে ৷
ঘটনাৰ বিৱৰণী মতে ৩ নং নাওকাটা গাঁৱৰ প্ৰদীপ দৈমাৰী নামৰ লোকজনে মঙলবাৰে পুৱা প্ৰায় ৫ বজাত শোৱাপাটীতে নিজৰ পত্নীক দাৰে উপযুপৰি ঘপিয়াই হত্যা কৰে | পত্নী অন্নমাই দৈমাৰী (৪২) ক দৰে ঘপয়াই হত্যা পিছত ঘাটক স্বামীয়ে কাঁচিৰে ডিঙি ৰেপি আত্মহত্যাৰো চেষ্টা কৰে ৷
উল্লেখ্য যে, তিনি বছৰৰ আগতে গাড়ী দুৰ্ঘটনাত পতিত হৈ প্ৰদীপ দৈমাৰীৰ এখন ভৰি অকামিলা হৈ পৰাৰ পিছত মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছিল | পাছঁটা সন্তানৰ পিতৃ প্ৰদীপ দৈমাৰীয়ে পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ হোৱাৰ লগতে অভাৱত ভাৰাক্ৰান্ত হৈ পৰিছিল ৷ এনে প্ৰেক্ষাপততে, মানসিক ভাৰসাম্য হেৰুৱাই আজি পত্নীক দাৰে ঘঁপিয়াই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰিবলৈ চেষ্টা চলাইছিল বুলি স্থানীয় ৰাইজে মতব্যক্ত কৰিছে ৷ ঘাটক স্বামী প্ৰদীপ দৈমাৰীক প্ৰথমতে ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷