ETV Bharat / state

ইটিভি ভাৰতত বাতৰি প্ৰচাৰৰ পাচতে অচিন ৰোগক লৈ তৎপৰ হৈছে স্বাস্থ্য বিভাগ

author img

By

Published : Dec 4, 2020, 10:25 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ পাচতে জোনাইত অচিন ৰোগত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মহকুমা স্বাস্থ্য বিভাগে ৷ জোনাইৰ বাহিৰ চিলেত স্বাস্থ্য বিভাগৰ দলটোৱে ৰোগীৰ ঘৰে ঘৰে গৈ সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ লগতে প্ৰৰ্থমিক স্বাস্থ্যবিধি মানি চলাৰ পৰামৰ্শ আগবঢ়ায় ৷

health department
health department

জোনাই, ৪ ডিচেম্বৰ : জোনাইত অচিন ৰোগৰ আতংক অব্যাহত আছে ৷ ইটিভি ভাৰতত এই বাতৰি প্ৰচাৰৰ পাচতে অচিন ৰোগত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মহকুমা স্বাস্থ্য বিষয়া ডা৹ কিশোৰ কামানৰ নেতৃত্বত যোৱা স্বাস্থ্য বিভাগৰ এটা দলে ৷ জোনাইৰ বাহিৰ চিলেত স্বাস্থ্য বিভাগৰ দলটোৱে ৰোগীৰ ঘৰে ঘৰে গৈ সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে বুজ লোৱাৰ লগতে প্ৰৰ্থমিক স্বাস্থ্যবিধি মানি চলাৰ পৰামৰ্শ আগবঢ়ায় ৷ চিকিৎসাকে এই ৰোগ সংক্ৰান্তত পোষ্ট কোভিড নিউৰোপেথী, গোলেনবাৰী চিণ্ড্ৰম, ট্ৰমেক নেউৰিটিছ আদি ৰোগৰ লক্ষণ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

health department
অচিন ৰোগক লৈ তৎপৰ হৈছে স্বাস্থ্য বিভাগ

ইফালে এই অচিন ৰোগক লৈ মহকুমা স্বাস্থ্য বিভাগ তৎপৰ হোৱা দেখা গৈছে ৷ এই ৰোগবিধ উন্নত চিকিৎসা বিজ্ঞানৰ প্ৰযুক্তিৰ প্ৰয়োগেৰে গৱেষণাৰ প্ৰয়োজন আছিল যদিও এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কোনোধৰণৰ ব্যৱস্থাৰ গ্ৰহণ কৰা নাই ৷ লোকদুজনৰ মৃত্যুৰ সংক্ৰান্ত স্বাস্থ্য বিভাগে ইয়াৰে এজন লোক বৃক্ক জনিত ৰোগত আক্ৰন্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিছে ৷

ইটিভি ভাৰতত বাতৰি প্ৰচাৰৰ পাচতে অচিন ৰোগক লৈ তৎপৰ হৈছে স্বাস্থ্য বিভাগ

উল্লেখযোগ্য যে, এই অচিন ৰোগত বাহিৰ চিলেৰ প্ৰশন্ন নৰহ (৩০), বিজয় ঙাতে (১৭) নামৰ লোক দুজনৰ মৃত্যু হয় ৷ অস্বাভাৱিকভাবে লোকদুজনৰ মৃত্যু হোৱা ঘটনাক লৈ অঞ্চলটোৰ সাধাৰণ লোকসকলৰ মাজত আতংকৰ পৰিবেশে বিৰাজ কৰিছে ৷ ভৰিৰ জিনজিননি, ভৰি ফুলা, অস্বাভাৱিকভাৱে ভৰি-হাত দুৰ্বল হোৱা, খোজ কঢ়াত অসুবিধা, বমি এই ৰোগৰ লক্ষণ ৷ বৰ্তমানেও জোনাইৰ বাহিৰ চিলে গাঁৱৰ ছয়জনকৈ লোক ক্ৰমে তিনিমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ আছে ৷

লগতে পঢ়ক : বিটিচিৰ মথনগুৰি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.